কাঠমাণ্ডু, ১৬ ফেব্ৰুৱাৰী (হি.স.)। কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত যোৱা নিশা নিৰাপত্তাৰক্ষীয়ে আমেৰিকাৰ পাছপ’ৰ্ট থকা চীন মূলৰ এজন লোকক গ্ৰেপ্তাৰ কৰে । তেওঁৰ পৰা ১২ হাজাৰ মাৰ্কিন ডলাৰৰ উপৰিও কেইবাটাও মোবাইল ফোন আৰু কেইবা ডজন চিম কাৰ্ডো উদ্ধাৰ কৰা হয়।
শনিবাৰে সন্ধিয়া কাঠমাণ্ডু বিমানবন্দৰত নিৰাপত্তা পৰীক্ষাৰ সময়ত চীন মূলৰ আমেৰিকান নাগৰিক নি য়ানৰ হেণ্ডবেগৰ পৰা উদ্ধাৰ হয় অবৈধ আমেৰিকান ডলাৰ। নেপাল আৰক্ষীৰ এছ এছ পি আৰু বিমানবন্দৰ নিৰাপত্তা বাহিনীৰ মুৰব্বী কৃষ্ণ শৰ্মা পোখৰেলে কয় যে ধৃত ব্যক্তিজনৰ পৰা ১২ হাজাৰ মাৰ্কিন ডলাৰ উদ্ধাৰ কৰা হৈছে, যাৰ উৎস তেওঁ ক’ব পৰা নাই।
এছ এছ পি পখৰেলে লগতে কয় যে আমেৰিকান ডলাৰৰ উপৰিও বিভিন্ন দেশৰ ২০টা আইফোন আৰু ২৫খন চিম কাৰ্ডো নি য়ানৰ পৰা উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে লগতে কয় যে ধৃত ব্যক্তিজনে এইবোৰৰ কোনো এটাৰ বিষয়ে একো কোৱা নাই।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া