চলচ্চিত্ৰ উদ্যোগত ৮ ঘণ্টীয়া শিফ্টৰ ওপৰত মৌনতা ভংগ কিয়াৰা আদৱানীৰ
অভিনেত্ৰী দীপিকা পাডুকনে আঠ ঘণ্টীয়া কৰ্মদিনৰ দাবীক লৈ চলচ্চিত্ৰ জগতত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। বহু শিল্পীয়ে দীপিকাৰ এই স্থিতিক সমৰ্থন কৰিছে। এতিয়া অভিনেত্ৰী কিয়াৰা আদৱানীয়েও এই বিষয়ত নিজৰ মতামত মুকলিকৈ প্ৰকাশ কৰিছে। ২০২৫ চনৰ জুলাই মাহত কন্যা
कियारा आडवाणी


অভিনেত্ৰী দীপিকা পাডুকনে আঠ ঘণ্টীয়া কৰ্মদিনৰ দাবীক লৈ চলচ্চিত্ৰ জগতত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। বহু শিল্পীয়ে দীপিকাৰ এই স্থিতিক সমৰ্থন কৰিছে। এতিয়া অভিনেত্ৰী কিয়াৰা আদৱানীয়েও এই বিষয়ত নিজৰ মতামত মুকলিকৈ প্ৰকাশ কৰিছে। ২০২৫ চনৰ জুলাই মাহত কন্যা ছাৰাইয়াৰ মাতৃ হোৱা কিয়াৰা এতিয়া ছবিলৈ ঘূৰি আহিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে, আৰু কামৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী পূৰ্বতকৈ অধিক স্পষ্ট আৰু সুষম যেন দেখা গৈছে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত কিয়াৰাই মানসিক স্বাস্থ্য আৰু কৰ্ম-জীৱনৰ ভাৰসাম্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তাই কয়, কোনো উদ্যোগত কাম কৰা কোনো ব্যক্তিৰ বাবে অহৰহ ভাগৰ আৰু মানসিক চাপ কেতিয়াও উপকাৰী নহয়। কিয়াৰাৰ মতে তেওঁৰ পেছাদাৰী দৃষ্টিভংগীৰ ভেটি তিনিটা কথাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে: মৰ্যাদা, ভাৰসাম্য আৰু সন্মান। এই নীতিসমূহ কেৱল তেওঁৰ সহ অভিনেতাসকলৰ ক্ষেত্ৰতে নহয়, তেওঁৰ ঘৰুৱা কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য।

ৱৰ্ক ফ্ৰণ্টত কিয়াৰাক অতি সোনকালে ২০২৬ চনৰ মাৰ্চ মাহত মুক্তি পাবলগীয়া বহু প্ৰত্যাশিত ছবি টক্সিকত ছুপাৰষ্টাৰ যেছৰ সৈতে দেখা যাব। চিনেমাখনৰ পৰা তেওঁৰ প্ৰথম লুকটো শেহতীয়াকৈ প্ৰকাশ পাইছে, আৰু ইয়াক দৰ্শকে ভাল সমাদৰ লাভ কৰিছিল। কিয়াৰাই কয় যে তেওঁ বৰ্তমান নতুন আৰু শক্তিশালী কাহিনী বিচাৰিছে আৰু এটা বায়’পিক প্ৰজেক্টৰ বাবেও উৎসাহিত। অভিনেত্ৰীগৰাকীক শেষবাৰৰ বাবে ৱাৰ ২ ছবিত হৃতিক ৰোশনৰ বিপৰীতে দেখা গৈছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande