নেপালত সৰ্বদলীয় চৰকাৰ গঠনৰ দাবী, আটক জেন-জি প্ৰতিবাদকাৰী
কাঠমাণ্ডু, ২২ ডিচেম্বৰ (হি.স.)। সর্বদলীয় চৰকাৰ গঠনৰ দাবীত কাঠমাণ্ডুৰ মৈতীঘৰত ​​মিৰাজ ধুংগনাকে ধৰি যুৱক-যুৱতীসকলে বিক্ষোভ কৰে৷ ৰবি কিৰণ হামাল, নিকোলাছ ভুছাল,কে ধৰি আন যুৱক-যুৱতীসকলেও এই বিক্ষোভত অংশগ্ৰহণ কৰে। সৰ্বদলীয় চৰকাৰ গঠনৰ পিছতহে নিৰ্বাচন অ
काठमांडू में प्रदर्शन कर रहे जेन जी को नियंत्रण में लेती पुलिस


কাঠমাণ্ডু, ২২ ডিচেম্বৰ (হি.স.)। সর্বদলীয় চৰকাৰ গঠনৰ দাবীত কাঠমাণ্ডুৰ মৈতীঘৰত ​​মিৰাজ ধুংগনাকে ধৰি যুৱক-যুৱতীসকলে বিক্ষোভ কৰে৷ ৰবি কিৰণ হামাল, নিকোলাছ ভুছাল,কে ধৰি আন যুৱক-যুৱতীসকলেও এই বিক্ষোভত অংশগ্ৰহণ কৰে।

সৰ্বদলীয় চৰকাৰ গঠনৰ পিছতহে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে বুলি প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে। তেওঁলোকৰ হাতত প্লেকাৰ্ড আছিল, য'ত লিখা আছিল, জেনেৰেল জিৰ দাবী নিৰ্বাচন নহয়, সুশাসনহে। মৈতঘৰ মণ্ডল অঞ্চলৰ পৰা ৰবি কিৰণ হামালসহ পাঁচজন প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰে। প্ৰতিবাদকাৰীসকলে পুনৰ কয় যে তেওঁলোকৰ প্ৰধান দাবী হৈছে সৰ্বদলীয় চৰকাৰ গঠন, আৰু ইয়াৰ অবিহনে নিৰ্বাচন গ্ৰহণযোগ্য নহ’ব।

দেওবাৰে জেন-জি গোটসমূহে সংবাদমেল অনুষ্ঠিত কৰি সোমবাৰৰ পৰা সুশিলা কাৰ্কী চৰকাৰৰ বিৰুদ্ধে নিয়মীয়া প্ৰতিবাদৰ কথা ঘোষণা কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande