চাবুৱাৰ হাতিআলি বাইপাছত মাৰাত্মক নিষিদ্ধ ড্ৰাগছ সহ দুজনক আটক
গেপ্তাৰ লিদেন বৰা আৰু কুশল গগৈ।
চাবুৱাৰ হাতিআলি বাইপাছত মাৰাত্মক নিষিদ্ধ ড্ৰাগছ সহ দুজনক আটক


চাবুৱা BJP মণ্ডল সমিতি তৎপৰতা গেপ্তাৰ দুই ড্ৰাগছ সৰ্বাকাৰী ।

তিনিচুকীয়া, ০২ ডিচেম্বৰ (হি.স.): তিনিচুকীয়া জিলাৰ চাবুৱা আৰক্ষী থানাৰ অন্তৰ্গত হাতিআলি বাইপাছত যোৱা কালি সোমবাৰে সন্ধিয়া ড্ৰাগছ সহ দুজন লোকক আটক কৰা হয়। প্ৰায় ৫০ গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লিদেন বৰা(৩৮) আৰু কুশল গগৈ(৫১) নামৰ দুজন ব‍্যক্তিক।

প্ৰাপ্ত তথ্য অনুসৰি এএছ ০৬ এল ৫০৬১ নম্বৰৰ এখন চুইফট বাহনত লিদেন বৰা আৰু কুশল গগৈয়ে ডিমাপুৰৰ পৰা তিনিচুকীয়া অভিমুখে গৈ আছিল। প্ৰাপ্ত খবৰ অনুসৰি বিজেপিৰ চাবুৱা মণ্ডলৰ খবৰ ভিত্তিত গোপন সূত্ৰৰ পম খেদি চাবুৱা আৰক্ষীয়ে হাতিআলি বাইপাছত ড্ৰাগছ সহ দুইজন ব‍্যক্তিক আটক কৰিবলৈ সক্ষম হয়। আটক হোৱা লিদেন বৰাৰ ঘৰ তিনিচুকীয়া জিলাৰ পানীতুলা আৰু কুশল গগৈৰ ঘৰ টেঙাখাতৰ আমগুৰিত বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, আটক হোৱা ব‍্যক্তি দুজনে দীৰ্ঘদিন ধৰি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত ড্ৰাগছৰ সৰবৰাহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। বৰ্তমান চাবুৱা থানাৰ আৰক্ষীয়ে অভিযুক্ত দুয়োকে আটক কৰি তদন্ত অব‍্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande