

মাস্কাট, ১৯ ডিচেম্বৰ (হি.স.)। অহা তিনি মাহৰ ভিতৰত ভাৰত-ওমান মুক্ত বাণিজ্য চুক্তি কাৰ্যকৰী হ’ব বুলি শুকুৰবাৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আশা প্ৰকাশ কৰে। ইয়াৰ ফলত ভাৰতৰ শ্ৰম-নিবিড় ৰপ্তানিৰ ওপৰত যিকোনো শুল্ক নাইকিয়া হ’ব আৰু ঔষধজাত সামগ্ৰীৰ নিয়ন্ত্ৰণমূলক অনুমোদন ক্ষিপ্ৰ হ’ব।
ইয়াত এখন সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে কয় যে দুয়োখন দেশে পূৰ্বৰ বাণিজ্যিক চুক্তিসমূহত যি পলম হৈছিল, সেইবোৰ পৰিহাৰ কৰিব বিচাৰে। তেওঁ কয়, ২০০৬ চনত স্বাক্ষৰিত ওমান-আমেৰিকাৰ বাণিজ্য চুক্তিখন কাৰ্যকৰী হ'বলৈ প্ৰায় তিনি বছৰ সময় লাগিছিল। সেই অভিজ্ঞতাৰ পৰা শিকি ভাৰত আৰু ওমানে এই চুক্তিখন অতি সোনকালে কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে। গোৱালে লগতে কয় যে ওমান ডেইৰী আৰু আমুল ডেইৰীৰ মাজত যৌথ উদ্যোগ স্থাপনৰ বাবে আগ্ৰহ প্ৰকাশ কৰা হৈছে।
গোৱেলৰ মতে, ওমানে ৯৮ শতাংশতকৈ অধিক শুল্ক সামগ্ৰীৰ ওপৰত শুল্ক ৰেহাই দিছে, যিয়ে উপসাগৰীয় দেশখনলৈ ভাৰতৰ ৰপ্তানিৰ ৯৯.৩৮ শতাংশ সামৰি লৈছে। বৰ্তমান এই সামগ্ৰীসমূহে ৫ শতাংশৰ পৰা ১০০ শতাংশলৈকে আমদানি শুল্ক আকৰ্ষণ কৰে। ভাৰতে নিজৰ মুঠ শুল্ক সামগ্ৰীৰ ৭৭.৭৯ শতাংশ বা ১২,৫৫৬ টা সামগ্ৰীৰ শিতানত শুল্ক ৰেহাই প্ৰদান কৰিছে, যিবোৰ একেলগে ওমানৰ পৰা ভাৰতৰ আমদানিৰ ৯৪.৮১ শতাংশ। ওমানত শূন্য শুল্ক অফাৰৰ জৰিয়তে ভাৰতৰ পৰা আমদানি কৰা ৰত্ন আৰু গহনা, বস্ত্ৰশিল্প, চামৰা, জোতা, ক্ৰীড়া সামগ্ৰী, প্লাষ্টিক, আচবাব, কৃষিজাত সামগ্ৰী, অভিযান্ত্ৰিক সম্পৰ্কীয় সামগ্ৰী, ঔষধ, চিকিৎসা সঁজুলি, আৰু অটোম’বাইল সামগ্ৰী উপকৃত হ’ব।
গোৱেলে কয় যে ওমানে ভাৰতীয় কোম্পানীসমূহৰ বাবে তীখা, শক্তি, শিক্ষা, আৰু স্বাস্থ্যসেৱাৰ দৰে খণ্ডত বিশেষকৈ সম্পদ সম্পৰ্কীয় উদ্যোগসমূহত সুযোগ প্ৰদান কৰে। তেওঁ পাইপলাইন খণ্ডৰ এটা বৃহৎ সেউজ তীখা প্ৰকল্পৰ কথা আঙুলিয়াই দিয়ে আৰু শক্তিক সেউজ হাইড্ৰজেন বা সেউজ এমোনিয়ালৈ ৰূপান্তৰিত কৰাৰ আগ্ৰহ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে, যিবোৰ ৰপ্তানিৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব। তেওঁ কয় যে ওমানৰ ছ’ভাৰেইন ৱেলথ ফাণ্ড আৰু কোম্পানীসমূহক ভাৰতত বিনিয়োগৰ সুযোগ বিচাৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।
পিছত গোৱেলে এক্স-প’ষ্টত প্ৰকাশ কৰা এক বিবৃতিত বৃহস্পতিবাৰে মাস্কাত স্বাক্ষৰিত ভাৰত-ওমান অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন কৰে। ভাৰত-ওমান সৰ্বাংগীন অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (চিইপিএ)য়ে কেনেদৰে নতুন বাণিজ্যিক পথ মুকলি কৰিব, ভাৰতৰ ৰপ্তানি বৃদ্ধি কৰিব, আৰু মূল খণ্ডসমূহত অধিক ব্যৱসায়িক সুযোগ সৃষ্টি কৰিব, সেই বিষয়ে ব্যাখ্যা কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতে উন্নত ভাৰত ২০৪৭ দৃষ্টিভংগীৰ অধীনত বিশ্ব বাণিজ্য অংশীদাৰিত্ব শক্তিশালী কৰি কেইবাটাও গুৰুত্বপূৰ্ণ এফ টি এ স্বাক্ষৰ কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ