গৰু চোৰৰ পিছত তীৰ্থনগৰী হাজোত এইবাৰ চিলনী চোৰৰ সন্ত্ৰাস
গৰু চোৰৰ পিছত তীৰ্থনগৰী হাজোত এইবাৰ চিলনী চোৰৰ সন্ত্ৰাস।
গৰু চোৰৰ পিছত তীৰ্থনগৰী হাজোত এইবাৰ চিলনী চোৰৰ সন্ত্ৰাস


কামৰূপ, ১৮ ডিচেম্বৰ (হি.স.): গৰু চোৰৰ পিছত তীৰ্থনগৰী হাজোত এইবাৰ চিলনী চোৰৰ সন্ত্ৰাস বিৰাজ কৰিছে। দুই চিলনী চোৰে এইবাৰ বিলাসী বাইকেৰে আহি থপিয়াই লৈ গ'ল কলেজীয়া ছাত্ৰীৰ মোবাইল। হাজো কলিতাকুছিৰ চ'কত দুই চোৰে সংঘটিত কৰিলে এই কাণ্ড।

জানিব পৰা মতে হাজোৰ সুৰেন দাস মহাবিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰীয়ে মহাবিদ্যালয়ৰ পৰা এখন ই-ৰিক্সাৰে ঘৰ অভিমুখে আহি থকা অৱস্থাতে দুই চিননী চোৰে থপিয়াই নিয়ে এগৰাকী ছাত্ৰীৰ মোবাইল ফোন। তেনে সময়তে ছাত্ৰী কেইগৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজে খেদি খেদি আটক কৰে দুয়ো চোৰক।

আৰক্ষীয়ে ইতিমধ্যে চোৰ দুটাক ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ লগতে এই ঘটনাত ব্যৱহৃত নম্বৰ প্লেটবিহীন আৰু ১৫ মটৰ চাইকেলখন জব্দ কৰিছে। ধৃত দুই চোৰ ক্ৰমে হাজোৰ বৰ্ণিৰ অবিদুল্লা আলী আৰু নলবাৰী আদাবাৰী গলদীঘলাৰ ইদুল আলী বুলি পৰিচয় পোৱা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande