কাছাৰত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ আটক তিনিজন
কাছাৰ, ১৭ ডিচেম্বৰ (হি.স.)। কাছাৰ জিলা সদৰ শিলচৰত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিষিদ্ধ হেৰ’ইনসহ তিনি কুখ্যাত সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। বুধবাৰে আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই মিজোৰামৰ পৰা গুৱাহাটী অভিমুখী এখন বাহনৰ পৰা বৃহৎ পৰিমাণৰ হেৰ’ইন উদ্ধ
কাছাৰত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ আটক তিনিজন


কাছাৰ, ১৭ ডিচেম্বৰ (হি.স.)। কাছাৰ জিলা সদৰ শিলচৰত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিষিদ্ধ হেৰ’ইনসহ তিনি কুখ্যাত সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। বুধবাৰে আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই মিজোৰামৰ পৰা গুৱাহাটী অভিমুখী এখন বাহনৰ পৰা বৃহৎ পৰিমাণৰ হেৰ’ইন উদ্ধাৰ কৰে।

গাড়ীৰ ভিতৰত ৩০টা চাবোনৰ বাকচত লুকুৱাই ৰাখি সৰবৰাহ কৰি আছিল হেৰ’ইন খিনি। জব্দ কৰা হেৰ’ইনৰ ওজন ৩৮৮ গ্ৰাম বুলি কোৱা হৈছে।

এই গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিজন সৰবৰাহকাৰীক। আটকাধীন চোৰাং সৰবৰাহকাৰীকেইজনৰ নাম দিলবৰ হুছেইন, নজৰুল হুছেইন আৰু জাচিমুদ্দিন। আটকাধীন আটাইকেইজন অভিযুক্ত ধলাইৰ ভগা বজাৰৰ বাসিন্দা। এই সন্দৰ্ভত আৰক্ষীয়ে এনডিপিএছ ধাৰাত এফআইআৰ ৰুজু কৰি গ্ৰেপ্তাৰ হোৱা আটাইকেইটা সবৰাহকাৰীক লৈ তীব্ৰ জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande