পাকিস্তানৰ সিন্ধ প্ৰদেশৰ ৰাজধানী কৰাচীত ৫.২ প্ৰাবল্যৰ ভূমিকম্প
কৰাচী, ১৬ ডিচেম্বৰ (হি.স.)। পাকিস্তানৰ সিন্ধ প্ৰদেশৰ ৰাজধানী কৰাচী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহক সোমবাৰে গভীৰ নিশা ৫.২ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি যায়। কৰাচীৰ বিভিন্ন প্ৰান্তত ভূমিকম্পৰ ফলত চুন্দ্ৰিগাৰ ৰোড, সদৰ, ক্লিফটন, টিপু চুলতান ৰোড, পে
दुनिया न्यूज की रिपोर्ट के साथ सांकेतिक कोलाज।


কৰাচী, ১৬ ডিচেম্বৰ (হি.স.)। পাকিস্তানৰ সিন্ধ প্ৰদেশৰ ৰাজধানী কৰাচী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহক সোমবাৰে গভীৰ নিশা ৫.২ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি যায়। কৰাচীৰ বিভিন্ন প্ৰান্তত ভূমিকম্পৰ ফলত চুন্দ্ৰিগাৰ ৰোড, সদৰ, ক্লিফটন, টিপু চুলতান ৰোড, পেহলৱান গঠ, আৰু বাহৰিয়া টাউনত আতংকৰ সৃষ্টি হয়।

দুনিয়া নিউজে প্ৰকাশ কৰা অনুসৰি আতংকিত বাসিন্দাসকলে ঘৰৰ পৰা লৰালৰিকৈ ওলাই আহি পবিত্ৰ কোৰআনৰ আয়াত পাঠ কৰিবলৈ আৰম্ভ কৰে। কৰাচীত কোনো লোক হতাহতি বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা নাই।

ৰাষ্ট্ৰীয় ভূমিকম্প নিৰীক্ষণ কেন্দ্ৰ (ইছলামাবাদ)ৰ তথ্য অনুসৰি কৰাচীৰ পৰা ৮৭ কিলোমিটাৰ উত্তৰ-পশ্চিমে ১২ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল। ইয়াৰ পূৰ্বে বেলুচিস্তান প্ৰদেশৰ ছিবি আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ৩.২ প্ৰাবল্যৰ ভূমিকম্পৰ সৃষ্টি হৈছিল। ছিবিৰ পৰা ৫৩ কিলোমিটাৰ উত্তৰ-পশ্চিমে ১১ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল।

উল্লেখযোগ্য যে আৰব সাগৰৰ উপকূলত অৱস্থিত কৰাচী পাকিস্তানৰ সৰ্ববৃহৎ চহৰ। ই পাকিস্তানৰ প্ৰধান ঔদ্যোগিক আৰু বিত্তীয় কেন্দ্ৰ, লগতে ইয়াৰ মূল বন্দৰ। ইয়াক পাকিস্তানৰ অৰ্থনৈতিক ৰাজধানী বুলি কোৱা হয়। ভাৰত বিভাজনৰ পিছত কৰাচীয়ে ১৯৪৭ চনৰ পৰা ১৯৫৯ চনলৈ পাকিস্তানৰ ৰাজধানী হিচাপে কাম কৰিছিল। পিছলৈ ৰাজধানী ইছলামবাদলৈ স্থানান্তৰিত কৰা হয়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande