বক্স অফিচত অব্যাহত আছে ধুৰন্ধৰৰ আধিপত্য
ৰণবীৰ সিং আৰু অক্ষয় খান্না অভিনীত ছবি ধুৰন্ধৰ -এ বক্স অফিচত শক্তিশালী স্থান অব্যাহত ৰাখিছে। মুক্তিৰ পিছৰে পৰা ছবিখনে প্ৰতিদিনে সফলতাৰ নতুন উচ্চতা লাভ কৰি আহিছে। দ্বিতীয় সপ্তাহত প্ৰৱেশ কৰাৰ পিছতো ইয়াৰ গতি একেবাৰেই লেহেমীয়া হোৱা নাই। উইকেণ্ডৰ প
रणवीर सिंह - फोटो सोर्स एक्स


ৰণবীৰ সিং আৰু অক্ষয় খান্না অভিনীত ছবি ধুৰন্ধৰ -এ বক্স অফিচত শক্তিশালী স্থান অব্যাহত ৰাখিছে। মুক্তিৰ পিছৰে পৰা ছবিখনে প্ৰতিদিনে সফলতাৰ নতুন উচ্চতা লাভ কৰি আহিছে। দ্বিতীয় সপ্তাহত প্ৰৱেশ কৰাৰ পিছতো ইয়াৰ গতি একেবাৰেই লেহেমীয়া হোৱা নাই। উইকেণ্ডৰ পিছতো ছবিখনৰ উপাৰ্জন আকৰ্ষণীয় হৈয়েই আছে। ইফালে কপিল শৰ্মাৰ কিছ কিছকো প্যাৰ কৰু ২ ছবিখনে দৰ্শকৰ বিশেষ সমৰ্থন লাভ নকৰাৰ লগতে ধুৰন্ধৰৰ আঁৰত সম্পূৰ্ণৰূপে স্তিমিত হৈ পৰা যেন লাগে।

বক্স অফিচত আধিপত্য বিস্তাৰ কৰিছে ধুৰন্ধৰ

চাকনিল্কৰ এক প্ৰতিবেদন অনুসৰি, ধুৰন্ধৰ মুক্তিৰ ১১ তাৰিখে (সোমবাৰ) প্ৰায় ২৯ কোটি টকা উপাৰ্জন কৰে। ইয়াৰ লগে লগে ছবিখনৰ মুঠ ঘৰুৱা উপাৰ্জন হৈছেগৈ ₹৩৭৯.৭৫ কোটি। বিশ্বব্যাপী বক্স অফিচত ছবিখনে অভিলেখ ভংগ কৰিছে ₹৫৭৯.২৫ কোটি টকা। এই পৰিসংখ্যাৰে ‘ধুৰন্ধৰ’ ২০২৫ চনৰ তৃতীয় সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবি হিচাপে পৰিগণিত হৈছে। কিন্তু বিশ্বজুৰি উপাৰ্জনৰ ক্ষেত্ৰত এতিয়াও ‘চাৱা’ (৮০৭.৯১ কোটি) আৰু ‘কান্তৰা: অধ্যায় ১’ (৮৫২.২৫ কোটি)ত কৈ পিছ পৰি আছে।

কপিল শৰ্মাৰ ছবিখনৰ দুৰ্বল প্ৰদৰ্শন:

আনহাতে কপিল শৰ্মাৰ ‘কিছ কিস্কো প্যাৰ কাৰুণ ২’ ছবিখনে বক্স অফিচত সংগ্ৰাম কৰি থকা যেন লাগে। যোৱা ১২ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছিল যদিও মাত্ৰ চাৰিদিনতে ইয়াৰ উপাৰ্জন যথেষ্ট হ্ৰাস পাইছে। চাকনিল্কৰ এক প্ৰতিবেদন অনুসৰি চতুৰ্থ দিনটোত ছবিখনে মাত্ৰ ₹৯০ লাখ টকা সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে তৃতীয় দিনা ২.৯ কোটি, দ্বিতীয় দিনা ২.৫ কোটি, আৰু প্ৰথম দিনা ১.৮৫ কোটি টকা উপাৰ্জন কৰিছিল। ছবিখনৰ এতিয়ালৈকে মুঠ উপাৰ্জন মাত্ৰ ₹৮.১৫ কোটি, যিয়ে ইয়াৰ দুৰ্বল প্ৰদৰ্শনৰ বহু কথাই কয়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande