
নতুন দিল্লী, ১৩ ডিচেম্বৰ (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতিগত হাৰ কৰ্তন, ৰেপো ৰেটৰ পিছত বৰ্তমানৰ আৰু নতুন ঋণগ্ৰহণকাৰীৰ বাবে ঋণৰ হাৰ ০.২৫% হ্ৰাস কৰাৰ ফলত ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ বেংক ষ্টেট বেংকে ঋণৰ হাৰ ০.২৫% হ্ৰাস কৰিছে। ২০২৫ চনৰ ১৫ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই নতুন হাৰ।
এক বিবৃতিত বেংকটোৱে কয় যে এছ বি আইয়ে সুতৰ হাৰ ০.২৫% হ্ৰাস কৰিছে। এই হ্ৰাসৰ লগে লগে ষ্টেট বেংকৰ বাহ্যিক বেঞ্চমাৰ্ক ভিত্তিক ঋণৰ হাৰ (ইবিএলআৰ) ০.২৫% হ্ৰাস পাই ৭.৯০% হ’ব। চলিত মাহৰ আৰম্ভণিতে ৰিজাৰ্ভ বেংকে পলিচি ৰেট অৰ্থাৎ ৰেপো ৰেটত ০.২৫% কৰ্তন কৰাৰ পিছতে বেংকটোৱে এই পদক্ষেপ গ্ৰহণ কৰিছে।
ইয়াৰ উপৰিও বেংকে সকলো টেন’ৰতে নিজৰ মাৰ্জিনেল কষ্ট অৱ ফাণ্ডছ বেছড লেণ্ডিং ৰেট (এমচিএলআৰ) ০.০৫% হ্ৰাস কৰিছে। এই হ্ৰাসৰ পিছত এছ বি আইৰ এবছৰৰ মেচিউৰিটি এম চি এল আৰ বৰ্তমানৰ ৮.৭৫%ৰ পৰা ৮.৭০%লৈ হ্ৰাস পাব। একেদৰে এবছৰৰ মেচিউৰিটিৰ হাৰ ক্ৰমে ০.০৫% হ্ৰাস কৰি ৮.৭৫% আৰু ৮.৮০% হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ