
নতুন দিল্লী, ১৩ ডিচেম্বৰ (হি.স.)। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উপ-অধিনায়ক স্মৃতি মান্ধনাই মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলপথাৰত পঞ্জাৱ ক্ৰিকেট সন্থাই হৰমনপ্ৰীত কৌৰৰ নামেৰে ষ্টেণ্ড উদ্বোধন কৰা উপলক্ষ্যে অধিনায়ক হৰমনপ্ৰীত কৌৰক অভিনন্দন জনায়। বৃহস্পতিবাৰে অনুষ্ঠিত হয় এই অনুষ্ঠান।
এই উপলক্ষে ষ্টেডিয়ামত দুটা নতুন ষ্টেণ্ড উদ্বোধন কৰা হয়। এটা ষ্টেণ্ডৰ নাম ভাৰতীয় মহিলা দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰৰ নামেৰে ৰখা হৈছিল, আনটো ষ্টেণ্ড ভাৰতীয় প্ৰাক্তন অল ৰাউণ্ডাৰ যুৱৰাজ সিঙৰ নামত উচৰ্গা কৰা হৈছিল।
উদ্বোধনী অনুষ্ঠানত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু পিচিএৰ সভাপতি অমৰজীত মেহতা উপস্থিত থাকে। বিচিচিআইৰ সভাপতি মিথুন মানহাছ আৰু পঞ্জাৱৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াইও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।
বিচিচিআইয়ে অনুষ্ঠানটোৰ এটা ভিডিঅ’ নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰে। এই ভিডিঅ'টো নিজৰ ইনষ্টাগ্ৰাম ষ্ট'ৰীত শ্বেয়াৰ কৰি স্মৃতি মান্ধনাই লিখিছে, অভিনন্দন হৰমনপ্ৰীত! মহিলা ক্ৰিকেটৰ বাবে এইটো এটা অতি বিশেষ দিন, আৰু মই আপোনালোকক লৈ বহুত গৌৰৱান্বিত।
ভিডিঅ’টোত হৰমনপ্ৰীত কৌৰে এই সন্মানত আনন্দ প্ৰকাশ কৰি কয় যে এয়া তেওঁৰ জীৱনৰ এক অতি আৱেগিক আৰু গৌৰৱময় মুহূৰ্ত। ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰা ঠিক খেলপথাৰতে তেওঁৰ নামেৰে ষ্টেণ্ড থকাটো তেওঁৰ বাবে সপোন পূৰণৰ দৰেই বুলিও কয়। ইয়াৰ বাবে পঞ্জাৱ ক্ৰিকেট সন্থাকো ধন্যবাদ জ্ঞাপন কৰে।
মন কৰিবলগীয়া যে শেহতীয়াকৈ হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত ভাৰতীয় মহিলা দলটোৱে ইতিহাসৰ সৃষ্টি কৰিছিল। নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰি আই চি চিৰ প্ৰথমটো ছিনিয়ৰ মহিলা ক্ৰিকেট ট্ৰফী লাভ কৰে টিম ইণ্ডিয়াই।
হৰমনপ্ৰীত কৌৰ এই সন্মান লাভ কৰা তৃতীয়গৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ। ইয়াৰ পূৰ্বে দেশৰ প্ৰধান ক্ৰিকেট ষ্টেডিয়ামত ঝুলন গোস্বামী আৰু মিতালী ৰাজৰ নামেৰে ষ্টেণ্ডৰ নাম ৰখা হৈছিল। উল্লেখযোগ্য যে হৰমনপ্ৰীত কৌৰ এগৰাকী সক্ৰিয় ক্ৰিকেটাৰ হৈ থকাৰ সময়তে এই সন্মান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ।
অনুষ্ঠানৰ সময়ত হৰমনপ্ৰীত কৌৰ, অমনজোত কৌৰ আৰু হৰলিন দেওলক ১১ লাখ টকাকৈ পুৰস্কাৰ প্ৰদান কৰা হয়। বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ ফিল্ডিং প্ৰশিক্ষক মুনিষ বালিকো ৫ লাখ ₹ৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হয়।
हिन्दुस्थान समाचार / অৰৱিন্দ