জাপানত ৬.৭ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি, চুনামীৰ সতৰ্কবাণী জাৰি
টকিঅ’, ১২ ডিচেম্বৰ (হি.স.)। জাপানৰ মূল দ্বীপ হনছুৰ উত্তৰত অৱস্থিত আওমোৰী প্ৰিফেকচাৰৰ পূব উপকূলত শুকুৰবাৰে স্থানীয় সময় অনুসৰি পুৱা ১১:৪৪ বজাত ৬.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ ফলত আজি উত্তৰ-পূব জাপানত ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হয়। জাপান টুডে কাকতে জা
फोटो जापान मौसम विज्ञान एजेंसी की वेबसाइट से साभार।


টকিঅ’, ১২ ডিচেম্বৰ (হি.স.)। জাপানৰ মূল দ্বীপ হনছুৰ উত্তৰত অৱস্থিত আওমোৰী প্ৰিফেকচাৰৰ পূব উপকূলত শুকুৰবাৰে স্থানীয় সময় অনুসৰি পুৱা ১১:৪৪ বজাত ৬.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ ফলত আজি উত্তৰ-পূব জাপানত ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হয়।

জাপান টুডে কাকতে জাপান বতৰ বিজ্ঞান সংস্থাৰ উদ্ধৃতি দি এই তথ্য প্ৰকাশ কৰিছে। সংস্থাটোৱে জনোৱা মতে, প্ৰশান্ত মহাসাগৰীয় উপকূলত হোকাইডো, আওমোৰি, ইৱাটে, আৰু মিয়াগি প্ৰিফেকচাৰত এক মিটাৰ পৰ্যন্ত চুনামীয়ে আঘাত হানিব পাৰে। চলিত সপ্তাহৰ আৰম্ভণিতে সোমবাৰে ৭.৫ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয়। হোনছু দ্বীপৰ উত্তৰতম প্ৰিফেকচাৰ আওমোৰীৰ উপকূলত সংঘটিত হোৱা এই ভূমিকম্পত কমেও ৩৪ জন লোক আহত হয়।

জাপান বতৰ বিজ্ঞান সংস্থাৰ বিষয়াসকলে জনোৱা মতে, সোমবাৰৰ ভূমিকম্পৰ ফলত জাপানৰ উত্তৰ-পূব উপকূলত টকিঅ’ৰ ঠিক পূব দিশৰ চিবাৰ পৰা হোকাইডোলৈকে ৮ মাত্ৰাৰ ভূমিকম্প আৰু সম্ভাৱ্য চুনামীৰ আশংকা কিছু বৃদ্ধি পাইছে। অনাগত সপ্তাহত অঞ্চলটোৰ ১৮২খন পৌৰসভাৰ বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে সংস্থাটোৱে। শেহতীয়াকৈ এই অঞ্চলৰ ওচৰৰ উপকূলীয় অঞ্চলত ভূমিকম্পৰ ফলত ২০১১ চনত ৯.০ প্ৰাবল্যৰ ভূমিকম্প আৰু ছুনামীৰ ফলত প্ৰায় ২০ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে ফুকচিমা দৈচি পাৰমাণৱিক শক্তি কেন্দ্ৰ ধ্বংস হৈছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande