মহানগৰীৰ বিষ্ণুপথৰ শংকৰদেৱ শিশু-বিদ্যা নিকেতনত বিদ্যা ভাৰতীৰ “বন্দে মাতৰম”ৰ গৌৰৱময় ১৫০ বছৰ উদযাপন
গুৱাহাটী, ০৮ নৱেম্বৰ (হি.স.)। প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত দেশপ্ৰেমৰ জ্যোতি জ্বলন্ত কৰি ৰখা অমৰ ৰাষ্ট্ৰগীত “বন্দে মাতৰম”ৰ গৌৰৱময় ১৫০ বছৰ পুৰ্তি উপলক্ষে গুৱাহাটী জু-ৰোডস্থিত শংকৰদেৱ শিশু-বিদ্যা নিকেতন, বিষ্ণুপথত এক বর্ণাঢ্য অনুষ্ঠান আয়োজিত হয়। শিশু শিক
মহানগৰীৰ বিষ্ণুপথৰ শংকৰদেৱ শিশু-বিদ্যা নিকেতনত বিদ্যা ভাৰতীৰ “বন্দে মাতৰম”ৰ গৌৰৱময় ১৫০ বছৰ উদযাপন


ছাত্ৰ-ছাত্ৰী দ্বাৰা একত্ৰিত স্বৰে পৰিবেশিত “বন্দে মাতৰম” গীত


গুৱাহাটী, ০৮ নৱেম্বৰ (হি.স.)। প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত দেশপ্ৰেমৰ জ্যোতি জ্বলন্ত কৰি ৰখা অমৰ ৰাষ্ট্ৰগীত “বন্দে মাতৰম”ৰ গৌৰৱময় ১৫০ বছৰ পুৰ্তি উপলক্ষে গুৱাহাটী জু-ৰোডস্থিত শংকৰদেৱ শিশু-বিদ্যা নিকেতন, বিষ্ণুপথত এক বর্ণাঢ্য অনুষ্ঠান আয়োজিত হয়।

শিশু শিক্ষা সমিতি অসমৰ প্ৰচাৰ প্ৰমুখ মুকুটেশ্বৰ গোস্বামীয়ে জনোৱা মতে, উক্ত অনুষ্ঠানত উপস্থিত থাকি মূল্যবান মাৰ্গদৰ্শন কৰে মণিপুৰ বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা বিদ্যা ভাৰতীৰ টেলেঙ্গানা প্ৰান্তৰ সভাপতি প্ৰফেচৰ তিৰুপতি ৰাও আৰু বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাংগঠনিক সম্পাদক ড০ পৱন তিৱাৰীয়ে।

প্ৰধানাচাৰ্য তপন শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত এই সাংস্কৃতিক কাৰ্যসূচীত শিক্ষক-শিক্ষিকা আৰু ছাত্ৰ-ছাত্ৰীসকল সক্ৰিয় অংশগ্ৰহণ কৰে। অতিথি বক্তা ড০ পৱন তিৱাৰী আৰু প্ৰফেচাৰ তিৰুপতি ৰাওৱে “বন্দে মাতৰম”ৰ ঐতিহাসিক পটভূমি, তাৎপৰ্য আৰু ভাৰতীয় ৰাষ্ট্ৰজীৱনত ইয়াৰ অমূল্য অৱদানৰ বিষয়ে অনুপম ব্যাখ্যা দিয়ে।

অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল বিদ্যালয়ৰ তিনি শতাধিক ছাত্ৰ-ছাত্ৰী দ্বাৰা একত্ৰিত স্বৰে পৰিবেশিত “বন্দে মাতৰম” গীত, যিয়ে উপস্থিত সকলোৰে হৃদয় স্পৰ্শ কৰি সভাস্থলত এক ৰাষ্ট্ৰভক্তিৰ পৱিত্ৰ পৰিৱেশৰে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰে ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande