
নতুন দিল্লী, ০৭ নৱেম্বৰ (হি.স.)। অৰ্থনৈতিক ফ্ৰণ্টত চাঞ্চল্যকৰ খবৰ। হ্ৰাস পাইছে বৈদেশিক মুদ্ৰাৰ মজুত। ৩১ অক্টোবৰত সমাপ্ত হোৱা সপ্তাহটোত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ৫.৬২ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৮৯.৭৩ বিলিয়ন ডলাৰ হয়। বিগত সপ্তাহত ২৪ অক্টোবৰত সমাপ্ত হোৱা সপ্তাহত বৈদেশিক মুদ্ৰাৰ মজুত ৬.৯২ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৯৫.৩৫ বিলিয়ন ডলাৰ হয়।
শুকুৰবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তথ্য অনুসৰি ৩১ অক্টোবৰত সমাপ্ত হোৱা সপ্তাহটোত বৈদেশিক মুদ্ৰাৰ মজুতৰ এটা প্ৰধান উপাদান বিদেশী মুদ্ৰাৰ সম্পত্তি ১.৯৬ বিলিয়ন ডলাৰ হ্ৰাস পাই ৫৬৪.৫৯ বিলিয়ন ডলাৰ হৈছে।আৰ বি আইৰ তথ্য অনুসৰি এই সময়ছোৱাত সোণৰ মজুতৰ মূল্য ৩.৮১ বিলিয়ন ডলাৰ হ্ৰাস পাই ১০১.৭৩ বিলিয়ন ডলাৰ হৈছে।
তথ্য অনুসৰি ৩১ অক্টোবৰত সমাপ্ত হোৱা সপ্তাহটোত বিশেষ ড্ৰয়িং ৰাইটছ (এছডিআৰ)ও ১৯ মিলিয়ন ডলাৰ হ্ৰাস পাই ১৮.৬৪ বিলিয়ন ডলাৰ হৈছে।কিন্তু এই সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আইএমএফ)ৰ সৈতে ভাৰতৰ মজুত ১৬৪ মিলিয়ন ডলাৰ বৃদ্ধি পাই ৪.৭৭ বিলিয়ন ডলাৰ হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ