
শেহতীয়াকৈ কমল হাছানৰ ছবি থগছ অৱ লাইফ পৰিচালনা কৰা প্ৰবীণ পৰিচালক মণি ৰত্নমে এতিয়া ছুপাৰষ্টাৰ বিজয় ছেতুপতিৰ সৈতে নতুন প্ৰজেক্টৰ বাবে প্ৰস্তুতি চলাইছে। খবৰ অনুসৰি কান্তৰা চেপ্তাৰ ১ অভিনেত্ৰী ৰুক্মিণী বসন্তেও ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব। এই খবৰে ছ’চিয়েল মিডিয়াত অনুৰাগীৰ মাজত উত্তেজনাৰ জোৱাৰৰ সৃষ্টি কৰিছে।
এইবাৰ দ্বিতীয়বাৰৰ বাবে বিজয় ছেতুপতি আৰু মণি ৰত্নমে একেলগে কাম কৰিব। ইয়াৰ পূৰ্বে ২০১৮ চনৰ চেক্কা চিভান্থা বনাম ছবিখনত দুয়োজনে একেলগে কাম কৰিছিল, যিখন ছবিয়ে দৰ্শক আৰু সমালোচক উভয়ৰে অতিশয় প্ৰশংসা লাভ কৰিছিল।
খবৰ অনুসৰি মণি ৰত্নমে মুখ্য যুটি হিচাপে বিজয় ছেতুপতি আৰু ৰুক্মিণী বসন্ত অভিনীত এটি সুন্দৰ প্ৰেম কাহিনীৰ কাম কৰি আছে। ইয়াৰ পূৰ্বে এই যুটিয়ে একেলগে এচ ছবিত অভিনয় কৰিছিল । ৰুক্মিণীৰ তামিল অভিষেক ঘটা ছবি আছিল এচ।
ধ্ৰুৱ বিক্ৰমৰ প্ৰৱেশ সন্দৰ্ভতো চৰ্চা
ছবিখনৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, অভিনেতা ধ্ৰুৱ বিক্ৰমও এই প্ৰকল্পৰ অংশ হ’ব পাৰে, যদিও এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। মণিৰত্নমৰ পৰিচালনা আৰু বিজয় ছেতুপতিৰ অভিনয়ৰ সমন্বয়ে দৰ্শকক পুনৰবাৰ এক ক্লাছিক ৰোমান্টিক অভিজ্ঞতা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ