
নতুন দিল্লী, ০৪ নৱেম্বৰ (হি.স.)। আই চি চিৰ মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ টীম অৱ দ্য টুৰ্ণামেণ্ট ঘোষণা কৰা হৈছে, দক্ষিণ আফ্ৰিকাৰ ল’ৰা উলভাৰ্ডক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। ভাৰতৰ স্মৃতি মান্ধনা, জেমিমাহ ৰড্ৰিগেছ, আৰু দীপ্তি শৰ্মাক এই ১২ জনীয়া দলত অন্তৰ্ভুক্ত কৰা হৈছে।
দক্ষিণ আফ্ৰিকাৰ হৈ অধিনায়ক উলভাৰ্ডৰ সৈতে মাৰিজান কেপ আৰু নাডিন ডি ক্লাৰ্কক নিৰ্বাচিত হোৱাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ এছলি গাৰ্ডনাৰ, ইনেবল চাথাৰলেণ্ড আৰু আলানা কিঙক নিৰ্বাচিত কৰা হৈছে।
ইংলেণ্ডৰ নেট ছিভাৰ-ব্ৰাণ্ট আৰু ছফী এক্লেষ্টোন, আৰু পাকিস্তানৰ উইকেটৰক্ষক ছিদ্ৰা নৱাজে দলটো সম্পূৰ্ণ কৰে।
ভাৰতীয় খেলুৱৈৰ আকৰ্ষণীয় প্ৰদৰ্শনঃ
প্ৰতিযোগিতাখনত তিনিগৰাকী ভাৰতীয় খেলুৱৈয়ে ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন আগবঢ়ায়। দীপ্তি শৰ্মাই ২২টা উইকেটৰে প্ৰতিযোগিতাখনৰ আগশাৰীৰ উইকেট দখল কৰে। ফাইনেলত তেওঁৰ ৫ উইকেট দখল কৰি ভাৰতে খিতাপ জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। নিউজিলেণ্ডৰ বিৰুদ্ধে শতকসহ ৪৩৪ ৰান সংগ্ৰহ কৰে স্মৃতি মান্ধনাই। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেলত জেমিমা ৰড্ৰিগেছে অপৰাজিত ১২৭ ৰান সংগ্ৰহ কৰি দলটোক ফাইনেললৈ লৈ যায়।
আন দেশৰ প্ৰদৰ্শন: দক্ষিণ আফ্ৰিকাৰ অধিনায়ক ল’ৰা উলভাৰ্ডে ছেমি ফাইনেল আৰু ফাইনেলত একেৰাহে শতককে ধৰি ৫৭১ ৰান সংগ্ৰহ কৰি প্ৰতিযোগিতাখনৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়। তেওঁৰ সতীৰ্থ মাৰিজান কেপে ১২টা উইকেট আৰু দুটা অৰ্ধশতক অৰ্জন কৰে। ভাৰতৰ বিৰুদ্ধে নাডিন ডি ক্লাৰ্কে অপৰাজিত ৮৪ ৰান সংগ্ৰহ কৰাৰ লগতে ৯টা উইকেটো দখল কৰে। অষ্ট্ৰেলিয়াৰ আলানা কিঙে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৭/১৮ বলিং কৰি ইতিহাস ৰচনা কৰিছিল— আৰু এয়া মহিলা বিশ্বকাপৰ ইতিহাসৰ সৰ্বোত্তম প্ৰদৰ্শন।
এনাবল চাথাৰলেণ্ডে ১৭টা উইকেট আৰু ৯৮* ৰান সংগ্ৰহ কৰাৰ বিপৰীতে এছলি গাৰ্ডনাৰে দুটা শতক আৰু ৭টা উইকেট দখল কৰে। পাকিস্তানৰ ছিদ্ৰা নৱাজে ষ্টাম্পৰ পিছফালে তিনিখন কেচ আৰু চাৰিটা ষ্টাম্পিং লৈ উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। ইংলেণ্ডৰ ছফী এক্লেষ্টোনে ১৬টা উইকেট দখল কৰাৰ বিপৰীতে অধিনায়ক নেট স্কাইভাৰ-ব্ৰাণ্ট (২৬২ ৰান, ৯ উইকেট) দ্বাদশ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়।
আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ ‘টিম অৱ দ্য টুৰ্ণামেণ্ট’ঃ স্মৃতি মান্ধনা (ভাৰত), ল’ৰা উলভাৰ্ড (দক্ষিণ আফ্ৰিকা) (অধিনায়ক), জেমিমাহ ৰড্ৰিগেছ (ভাৰত), মাৰিজান কাপ (দক্ষিণ আফ্ৰিকা), এছলি গাৰ্ডনাৰ (অষ্ট্ৰেলিয়া), দীপ্তি শৰ্মা (ভাৰত), এনেবল চাথাৰলেণ্ড (অষ্ট্ৰেলিয়া), নাডিন ডি ক্লাৰ্ক (দক্ষিণ আফ্ৰিকা), ছিদ্ৰা নৱাজ (পাকিস্তান) (উইকেটকীপাৰ), আলানা কিং (অষ্ট্ৰেলিয়া), ছফী এক্লেষ্টন (ইংলেণ্ড), নেট স্কাইভাৰ-ব্ৰুণ্ট (ইংলেণ্ড) (দ্বাদশ খেলুৱৈ)।
हिन्दुस्थान समाचार / অৰৱিন্দ