
নতুন দিল্লী, ০৩ নৱেম্বৰ (হি.স.)। ভাৰত আৰু বাহৰেইনে দ্বিপাক্ষিক বিনিয়োগ চুক্তিৰ বাবে চলি থকা আলোচনাত অগ্ৰগতি আদৰণি জনায়। দুয়োপক্ষই ডাবল টেক্সেচন এভয়ডেন্স এগ্ৰিমেণ্ট (ডিটিএএ)ৰ আলোচনা আৰম্ভ কৰিবলৈ এক উমৈহতীয়া বুজাবুজি গঢ়ি তোলাত সন্মত হয়।
আজি নতুন দিল্লীত ভাৰত আৰু বাহৰেইনৰ মাজত উচ্চ যুটীয়া আয়োগৰ পঞ্চম বৈঠক অনুষ্ঠিত হয়। ইয়াৰ সহ-সভাপতি আছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু বাহৰেইনৰ বৈদেশিক মন্ত্ৰী ড০ আব্দুল্লাতিফ বিন ৰছিদ আল জায়ানীয়ে। বৈঠকৰ সময়ত তেওঁলোকে প্ৰতিৰক্ষা, নিৰাপত্তা, অৰ্থনৈতিক, বাণিজ্য, বিনিয়োগ, শুল্ক, স্বাস্থ্য, বিত্তীয় প্ৰযুক্তি, মহাকাশ, সংস্কৃতি, আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি ক্ষেত্ৰসমূহত চলি থকা সহযোগিতাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে নতুন পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে।
বৈঠকৰ অন্তত জাৰি কৰা এক বিবৃতিত দুয়োপক্ষই সন্ত্ৰাসবাদক সকলো ধৰণৰ গৰিহণা দিয়াৰ লগতে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদকে ধৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ দৃঢ় দায়বদ্ধতাক পুনৰ দৃঢ় কৰে। যোৱা ২২ এপ্ৰিলত পহলগামত হোৱা সশস্ত্ৰ সন্ত্ৰাসবাদী আক্ৰমণক দুয়োপক্ষই তীব্ৰ গৰিহণা দি ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে সংহতি প্ৰকাশ কৰে।
ভাৰতীয় পক্ষই বাহৰেইন পক্ষক ২০২৬ চনৰ পৰা ২০২৭ চনলৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী আসনলৈ নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনায়।পাৰস্পৰিক লাভালাভৰ বাবে বহুপক্ষীয় সংস্থাৰ নিৰ্বাচনকে ধৰি বহুপক্ষীয় মঞ্চতো দুয়োপক্ষই নিজৰ স্থিতিৰ সমন্বয় সাধন কৰিব।
২০২৪ চনৰ ডিচেম্বৰ মাহত বাহৰেইনত অনুষ্ঠিত চতুৰ্থ এইচ জে চিৰ পিছত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ প্ৰশংসা কৰে দুয়োগৰাকী মন্ত্ৰীয়ে।দুয়োখন দেশৰ মাজত নিয়মীয়াকৈ উচ্চ পৰ্যায়ৰ আদান-প্ৰদানত সন্তুষ্টি প্ৰকাশ কৰে। চোৰাংচোৱা তথ্য বিনিময়, সামৰ্থ্য বিকাশ, চাইবাৰ সুৰক্ষাকে ধৰি দ্বিপাক্ষিক আৰু বহুপক্ষীয় সহযোগিতা বৃদ্ধি কৰি সন্ত্ৰাসবাদৰ ভাবুকিৰ বিৰুদ্ধে যুঁজিবলৈও দুয়োপক্ষই প্ৰতিশ্ৰুতিবদ্ধ হয়। ২০২৬ চনত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫৫ বছৰীয়া জয়ন্তী উদযাপনৰ বাবেও দুয়োপক্ষই প্ৰস্তুতি চলাব।
বাণিজ্য, অৰ্থনৈতিক, বাণিজ্যৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিক দুয়োপক্ষই আদৰণি জনায়। দ্বিপাক্ষিক বাণিজ্যৰ অবিৰত বৃদ্ধিৰ কথা লক্ষ্য কৰি, যিটোৱে ১.৬৪ বিলিয়ন মাৰ্কিন ডলাৰ (২০২৪-২৫ বিত্তীয় বৰ্ষ) লাভ কৰিছে, তেওঁলোকে ইলেক্ট্ৰনিকছ, পেট্ৰলিয়াম সামগ্ৰী, প্ৰচেছড খাদ্য, ভিত্তি ধাতু, আৰু ৰত্ন আৰু গহনা আদি খণ্ডত বাণিজ্যৰ অধিক বৃদ্ধি আৰু বৈচিত্ৰ্যৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুয়োপক্ষই প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত ভৱিষ্যতে বৰ্ধিত সহযোগিতাৰ আশা প্ৰকাশ কৰে।
দুয়োপক্ষই ডাবল টেক্সেচন এভয়ডেন্স এগ্ৰিমেণ্ট (ডিটিএএ)ৰ আলোচনা আৰম্ভ কৰিবলৈ এক উমৈহতীয়া বুজাবুজি গঢ়ি তোলাত সন্মত হয়। ইয়াৰ দ্বাৰা দুগুণ কৰ আঁতৰোৱাত সহায়ক হ’ব, কৰ নিশ্চয়তা প্ৰদান কৰা হ’ব আৰু বাণিজ্য আৰু বিনিয়োগক প্ৰসাৰিত কৰা হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ