জনজাতীয় সম্প্ৰদায়ক দেশৰ উচ্চতম পদবীলৈ উন্নীত কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ: প্ৰধানমন্ত্ৰী
নৰ্মদা, ১৫ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে জোৰ দি কয় যে ৰাজনৈতিক সবলীকৰণ অবিহনে উন্নয়ন অসম্পূৰ্ণ আৰু ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে জনজাতীয় জনগোষ্ঠীসমূহক দেশৰ সৰ্বোচ্চ পদবীলৈ উন্নীত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে যিকোন
प्रधानमंत्री नरेन्द्र मोदी शनिवार को गुजरात के नर्मदा जिले के डेढियापाड़ा में भगवान बिरसा मुंडा की 150वीं जयंती पर आयोजित समारोह को संबोधित करते हुए


নৰ্মদা, ১৫ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে জোৰ দি কয় যে ৰাজনৈতিক সবলীকৰণ অবিহনে উন্নয়ন অসম্পূৰ্ণ আৰু ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে জনজাতীয় জনগোষ্ঠীসমূহক দেশৰ সৰ্বোচ্চ পদবীলৈ উন্নীত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে যিকোনো সম্প্ৰদায় বা সমাজৰ সামগ্ৰিক উন্নয়নৰ বাবে ৰাজনৈতিক নেতৃত্ব আৰু গণতন্ত্ৰত সম অংশগ্ৰহণ অতি প্ৰয়োজনীয়।

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ নৰ্মদা জিলাৰ দেধিয়াপাড়াত ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আয়োজন কৰা জনজাতীয় গৌৰৱ দিৱস উদযাপনত ভাষণ দিয়ে। এই উপলক্ষে তেওঁ প্ৰায় ₹৯,৭০০ কোটি টকাৰ পথ, স্বাস্থ্য, শিক্ষা, পানী, আৰু সংযোগ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ কয় যে এই বিনিয়োগে জনজাতীয় অঞ্চলৰ জীৱনৰ মানদণ্ডত এক বৃহৎ পৰিৱৰ্তন আনিব।

তেওঁ কয় যে ভাৰতীয় সভ্যতা, সংস্কৃতি, স্বাধীনতা সংগ্ৰামত জনজাতীয় সম্প্ৰদায়ৰ অৱদান অতুলনীয়, কিন্তু দশক দশক ধৰি এই অৱদানক আওকাণ কৰা হৈছিল। জনজাতীয় সমাজৰ স্বাভিমান, আত্মসন্মান, বিকাশক অগ্ৰাধিকাৰ দি এই ঐতিহাসিক অৱহেলা দূৰ কৰিবলৈ বিজেপি চৰকাৰে কাম কৰিছে বুলিও তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে গণতন্ত্ৰত প্ৰতিনিধিত্ব কেৱল প্ৰতীকী হ’ব নালাগে, বৰঞ্চ প্ৰকৃত ক্ষমতা হস্তান্তৰৰ মাধ্যম হ’ব লাগে। তেওঁ কয়, আজি দেশৰ ৰাষ্ট্ৰপতি এগৰাকী জনজাতীয় মহিলা। এয়া কেৱল সন্মান নহয়, বৰঞ্চ এক প্ৰেৰণা যিয়ে দেখুৱাইছে যে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাই প্ৰতিজন নাগৰিকক সৰ্বোচ্চ পদবীত উপনীত হোৱাৰ সুযোগ দিয়ে।

মোদীয়ে কয় যে বিজেপি আৰু এন ডি এ চৰকাৰে সদায় সক্ষম, প্ৰতিভাৱান, নিষ্ঠাবান জনজাতীয় নেতাক প্ৰচাৰ কৰি আহিছে। তেওঁ কয় যে ছত্তীশগড়ৰ মুখ্যমন্ত্রী বিষ্ণুদেৱ ছাই, ওড়িশাৰ মুখ্যমন্ত্রী মোহন চৰণ মাঝি, অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডু, নাগালেণ্ডৰ মুখ্যমন্ত্রী নেইফিউ ৰিঅ’ আৰু মধ্য প্রদেশৰ ৰাজ্যপাল মংগুভাই পেটেল আটাইকেইজনেই সেই পৰিৱৰ্তনশীল ৰাজনৈতিক যাত্ৰাৰ প্ৰতীক, য’ত জনজাতীয় সমাজে নেতৃত্বৰ ভূমিকা পালন কৰি আছে। প্ৰধানমন্ত্ৰীয়ে লগতে আঙুলিয়াই দিয়ে যে কেন্দ্ৰতো জনজাতীয় সম্প্ৰদায়ৰ পৰা অহা সৰ্বানন্দ সোণোৱালে সমগ্ৰ জাহাজ মন্ত্ৰালয়ৰ নেতৃত্ব দিছে।

ভগৱান বীৰছা মুণ্ডাৰ প্ৰতি উৎসৰ্গিত এক কাৰ্যসূচীত উন্নয়নমূলক কামৰ উদ্বোধনী সন্দৰ্ভত মোদীয়ে কয়, আজি মাতৃ নৰ্মদাৰ এই পবিত্ৰ ভূমিত এক ঐতিহাসিক অনুষ্ঠান সংঘটিত হৈছে। শেহতীয়াকৈ চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী আৰু ভাৰত পৰ্বৰ সামৰণিও ইয়াতেই অনুষ্ঠিত হৈছে। আজি বীৰছা মুণ্ডাৰ জন্ম জয়ন্তীত এই ভূমি পুনৰবাৰ বিকাশ আৰু সাংস্কৃতিক গৌৰৱৰ সাক্ষী হৈ পৰিছে।

কংগ্ৰেছ দলৰ ওপৰত কটাক্ষ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ পিছত ছয় দশক শাসন কৰি থকাৰ পিছতো জনজাতীয় অঞ্চলত মৌলিক সুবিধাৰ অভাৱ দূৰ কৰাৰ বাবে দলটোৱে কোনো প্ৰকৃত প্ৰচেষ্টা চলোৱা নাছিল। তেওঁ কয়, পুষ্টিহীনতা, স্বাস্থ্য সেৱাৰ অভাৱ, শিক্ষাৰ অভাৱ, সংযোগৰ সমস্যা এই সকলোবোৰ কংগ্ৰেছৰ নিষ্ক্ৰিয়তাৰ ফল। জনজাতীয় অঞ্চলবোৰ পিছপৰাৰ প্ৰতীক হৈ পৰিল, আনহাতে কংগ্ৰেছ চৰকাৰে চাই থাকিল। এই অন্যায়ৰ অন্ত পেলাবলৈ বিজেপি চৰকাৰে সংকল্পৰে কাম কৰিছে।

তেওঁ আঙুলিয়াই দিয়ে যে অটল বিহাৰী বাজপেয়ী চৰকাৰে প্ৰথমবাৰৰ বাবে জনজাতীয় মন্ত্ৰালয় প্ৰতিষ্ঠা কৰি জনজাতীয় কল্যাণক প্ৰতিষ্ঠানিকৰণ কৰিছিল যদিও পৰৱৰ্তী কংগ্ৰেছ চৰকাৰসমূহে এই মন্ত্ৰালয়ক অৱহেলা কৰিছিল। মোদীয়ে কয় যে এটা সময়ত গুজৰাটৰ জনজাতীয় অঞ্চলত বিজ্ঞান শিক্ষা প্ৰদান কৰা এখনো বিদ্যালয় নাছিল। তেওঁ কয়, মুখ্যমন্ত্ৰী হিচাপে আমি ব্যাপক সংস্কাৰ কৰিলোঁ। আজি এই অঞ্চলসমূহত ১০ হাজাৰতকৈ অধিক বিদ্যালয় চলি আছে। জনজাতীয় শিশুসকলে উচ্চ শিক্ষা, ক্ৰীড়া, কাৰিকৰী শিক্ষাৰ বাবে নতুন পথ বিচাৰি পাইছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ছিকেল চেল এনিমিয়া জনজাতীয় সমাজৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ আহিছে। তেওঁ কয় যে জনজাতীয় অঞ্চলত ডিচপেনচাৰী, চিকিৎসালয়, চিকিৎসা কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে আৰু ৰাষ্ট্ৰীয় চিকেল চেল নিৰ্মূলকৰণ অভিযান চলি আছে। মোদীয়ে উল্লেখ কৰে যে আজি প্ৰতিটো বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাত জনজাতীয় অঞ্চলৰ খেলুৱৈসকলে জিলিকি উঠিছে। তেওঁ কয়, ভাৰতীয় মহিলা ক্ৰিকেট দলে শেহতীয়াকৈ বিশ্বকাপ জয় কৰিছে, আৰু তাত আমাৰ জনজাতীয় কন্যাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এয়া কেৱল ক্ৰীড়া জয় নহয়, বৰঞ্চ জনজাতীয় সম্প্ৰদায়ৰ নৱীকৃত আত্মবিশ্বাসৰ বাবেও এক জয়।

জনজাতীয় অঞ্চলত ক্ৰীড়া আন্তঃগাঁথনি চৰকাৰে নিৰন্তৰ শক্তিশালী কৰি তুলিছে বুলিও তেওঁ কয়। বিগত দশকত কাশী বিশ্বনাথ কৰিড’ৰ, মহাকাল কৰিড’ৰ, অযোধ্যা ৰাম মন্দিৰ, কেদাৰনাথ আদি ধৰ্মীয় স্থানৰ উন্নয়ন জাতীয় সাংস্কৃতিক ঐতিহ্যক নতুন মাত্ৰা প্ৰদানৰ উদাহৰণ। তেওঁ শ্ৰী গোবিন্দ গুৰু অধ্যক্ষ - জনজাতীয় ভাষা প্ৰসাৰ কেন্দ্ৰ স্থাপনৰ কথাও ঘোষণা কৰে, য'ত ভিল, বাসৱ, গৰাচিয়া, কংকনী, ৰাথৱা, নায়ক, সন্থাল, আৰু ৱাৰলীকে ধৰি বিভিন্ন জনজাতীয় ভাষাৰ গৱেষণা আৰু সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তীয়ে আমাক এই সংকল্প ল’বলৈ অনুপ্ৰাণিত কৰে যে দেশৰ উন্নয়নত কোনো সম্প্ৰদায়ক পিছ পৰি ৰোৱা উচিত নহয়।

তেওঁ কয়, সবকা সাথ, সবকা বিকাশ, ধৰতি আবাৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি। আমাৰ লক্ষ্য হৈছে জনজাতীয় সমাজে যাতে কেৱল উন্নয়নত অংশগ্ৰহণ কৰাই নহয়, ইয়াৰ নেতৃত্বও দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে জনজাতীয় সম্প্ৰদায়ৰ অগ্ৰগতি ভাৰতৰ প্ৰগতি আৰু কেন্দ্ৰীয় চৰকাৰে এই দিশত দ্ৰুতগতিত কাম কৰি আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande