ডিজিচিএৰ ইণ্ডিগ’ৰ বিৰুদ্ধে ২০ লাখ টকাৰ জৰিমনা; বিমান সংস্থাই অৰ্ডাৰক জনাব প্ৰত্যাহ্বান
নতুন দিল্লী, ০৯ অক্টোবৰ (হি.স.)। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে ইণ্ডিগ’ক ২০ লাখ টকাৰ জৰিমনা বিহিছে । ইণ্ডিগ’ৰ মূল কোম্পানী ইন্টাৰগ্ল’ব এভিয়েশন লিমিটেডৰ পাইলট প্ৰশিক্ষণৰ অভাৱৰ অভিযোগত এই জৰিমনা বিহা হৈছে। এই সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱাৰ পৰিকল্
नागर विमानन महानिदेशालय के लोगो का प्रतीकात्‍मक चित्र


নতুন দিল্লী, ০৯ অক্টোবৰ (হি.স.)। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে ইণ্ডিগ’ক ২০ লাখ টকাৰ জৰিমনা বিহিছে । ইণ্ডিগ’ৰ মূল কোম্পানী ইন্টাৰগ্ল’ব এভিয়েশন লিমিটেডৰ পাইলট প্ৰশিক্ষণৰ অভাৱৰ অভিযোগত এই জৰিমনা বিহা হৈছে। এই সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱাৰ পৰিকল্পনা কৰিছে কোম্পানীটোৱে।

কোম্পানীটোৱে নিয়ন্ত্ৰণমূলক ফাইলিঙত উল্লেখ কৰিছে যে ২৬ ছেপ্টেম্বৰত ডিজিচিএৰ পৰা জৰিমনা সন্দৰ্ভত জাননী লাভ কৰিছিল।পাইলট প্ৰশিক্ষণৰ অভাৱৰ অভিযোগত বিমান সংস্থাটোক ২০ লাখ টকাৰ জৰিমনা বিহা হৈছে। চি শ্ৰেণীৰ বিমানবন্দৰত পাইলট প্ৰশিক্ষণৰ বাবে যোগ্য চিমুলেটৰ ব্যৱহাৰ নকৰাৰ অভিযোগৰ বাবে এই জৰিমনা।

এক বিবৃতিত বিমান সংস্থাটোৱে কয় যে ডিজিচিএৰ এই আদেশক উপযুক্ত আপীল কৰ্তৃপক্ষৰ আগত প্ৰত্যাহ্বান জনোৱাৰ কথা চিন্তা কৰিছে। বিমান সংস্থাটোৱে কয় যে আভ্যন্তৰীণ যোগাযোগৰ পলম হোৱাৰ বাবে জৰিমনা প্ৰকাশ কৰাত পলম হৈছে। কোম্পানীটোৱে কয় যে ডিজিচিএৰ এই আদেশে ইয়াৰ বিত্তীয় অৱস্থা, পৰিচালনা বা অন্যান্য কাৰ্য্যকলাপত কোনো প্ৰভাৱ পেলাব নোৱাৰে। 'গ' শ্ৰেণীৰ বিমানবন্দৰসমূহে সাধাৰণতে প্ৰত্যাহ্বানমূলক প্ৰৱেশ আৰু কাৰ্য্যকৰী অৱস্থাৰ সন্মুখীন হয়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande