জুবিনৰ অসমীয়া ছবি 'ৰৈ ৰৈ বিনালে' চাবলৈ দৰ্শকৰ হেতাওপৰা
টিকট হাউছফুল ছবিগৃহত। গোলাঘাট গল্ড চিনেমা হলত ২৬ অক্টোবৰৰ পৰা ৬ নৱেম্বৰলৈকে টিকট পোৱা নাযাব ।
লৈ লৈ বিশ্ব


গোলাঘাট, ২৬ অক্টোবৰ (হি.স.)। বহু প্ৰত্যাশিত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ কথা, ৰাজেশ ভূঞাৰ পৰিচালনাৰে মুক্তি পাবলগীয়া অসমীয়া কথাছবি ৰৈ ৰৈ বিনালে ইতিমধ্যে ট্ৰেইলাৰ মুকলি কৰা পাছত ছবি গৃহে গৃহে টিকট সংগ্ৰহ কৰিবলৈ ভীৰ কৰিছে দৰ্শকে।

ৰৈ ৰৈ বিনালে অসমীয়া ছবিৰ টিকট ইতিমধ্যে ছবিগৃহত হাউছফুল হৈ পৰিছে গোলাঘাট গল্ড চিনেমা হলত ২৬ অক্টোবৰৰ পৰা ৬ নৱেম্বৰলৈকে টিকট পোৱা নাযাব । গোলাঘাটৰ গ'ল্ড চিনেমাৰ হলত টিকট মুকলি কৰা দিনটোতে হাজাৰ হাজাৰ দৰ্শকে অনলাইন অফলাইন প্ৰক্ৰিয়াৰে টিকট সংগ্ৰহ কৰি মুক্তিৰ দিনটোলৈ অপেক্ষা কৰিছে। ২৬ অক্টোবৰৰ পৰা ৬ নৱেম্বৰলৈকে টিকট পোৱা নাযাব বুলি উল্লেখ কৰে ছবিগৃহৰ পৰিচালকে। কেইবাদিনলৈকে টিকট নোপোৱাত দৰ্শক এতিয়া গোলাঘাট গ'ল্ড চিনেমা হলৰ পৰা উভতি যাবলগীয়া হৈছে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande