
নতুন দিল্লী, ২৫ অক্টোবৰ (হি.স.)। ৰাজহুৱা খণ্ডৰ বীমা কোম্পানী ভাৰতীয় জীৱন বীমা নিগমে (লাইফ ইনশ্বুৰেন্স কৰ্পৰেশ্যন অৱ ইণ্ডিয়া) কোম্পানীটোৰ বিনিয়োগক লৈ প্ৰশ্ন উত্থাপন কৰি দ্য ৱাশ্বিংটন পোষ্টৰ প্ৰতিবেদনক অস্বীকাৰ কৰিছে। এল আই চিয়ে কয় যে ইয়াৰ সকলো বিনিয়োগ সম্পূৰ্ণ সততাৰে আৰু উপযুক্ত পৰিমাপৰ অধীনত কৰা হৈছে।
শনিবাৰে এক্স-পোষ্টত প্ৰকাশ কৰা এক বিবৃতিত ভাৰতীয় জীৱন বীমা নিগমে কয় যে আদানী গ্ৰুপৰ কোম্পানীসমূহত বিনিয়োগ স্বতন্ত্ৰ আৰু বিশদ যথাযথ পৰীক্ষা নিৰীক্ষাৰ অন্তত কৰা হৈছে। কোম্পানীটোৱে কয় যে এই কাম পৰিচালনা সমিতিৰ অনুমোদন দিয়া নীতি অনুসৰি কৰা হৈছে। এল আই চিয়ে কয় যে, কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয় বা আন কোনো সত্তাৰ বিত্তীয় সেৱা বিভাগৰ এনে (বিনিয়োগ) সিদ্ধান্তত কোনো ভূমিকা নাই।
কোম্পানীটোৱে কয় যে এল আই চিয়ে যথাযথ পৰীক্ষা নিৰীক্ষাৰ উচ্চতম মানদণ্ড নিশ্চিত কৰিছে। ইয়াৰ সকলো বিনিয়োগৰ সিদ্ধান্ত বৰ্তমানৰ নীতি, আইনখনৰ বিধান, আৰু নিয়ন্ত্ৰণমূলক নিৰ্দেশনা মানি চলি, ইয়াৰ সকলো অংশীদাৰৰ স্বাৰ্থত লোৱা হৈছে।
কোম্পানীটোৱে কয় যে দ্য ৱাশ্বিংটন পোষ্টৰ প্ৰতিবেদনত প্ৰকাশিত অভিযোগ কৰা বক্তব্যসমূহ এল আই চিৰ সুশৃংখলিত সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক ক্ষতিগ্ৰস্ত কৰাৰ, এল আই চিৰ সুনামক কলংকিত কৰাৰ, ভাৰতৰ বিত্তীয় খণ্ডৰ শক্তিশালী ভেটিটোক কলংকিত কৰাৰ উদ্দেশ্যেৰে দিয়া যেন লাগে।
দেশৰ বৃহত্তম বীমা কোম্পানীটোৱে বিনিয়োগ সন্দৰ্ভত ৱাশ্বিংটন পোষ্টৰ অভিযোগক স্পষ্টভাৱে নাকচ কৰি কয় যে এল আই চিৰ বিনিয়োগৰ সিদ্ধান্ত বাহ্যিক কাৰকৰ দ্বাৰা প্ৰভাৱিত বুলি কৰা এনে অভিযোগ মিছা, ভিত্তিহীন আৰু সত্যৰ পৰা বহু দূৰত।
উল্লেখযোগ্য যে আমেৰিকাৰ বাতৰি কাকত ৱাশ্বিংটন পোষ্টে এটা প্রতিবেদনত দাবী কৰিছিল যে ভাৰতীয় বিষয়াসকলে মে’ মাহত প্রস্তাৱ প্রস্তুত কৰিছিল৷ এই প্ৰস্তাৱৰ অধীনত দেশৰ সৰ্ববৃহৎ বীমা কোম্পানী এল আই চিৰ পৰা প্ৰায় ৩.৯ বিলিয়ন ডলাৰ (প্ৰায় ৩৪,০০০ কোটি টকা) আদানী গ্ৰুপৰ কোম্পানীত বিনিয়োগ কৰিব লাগিছিল। এল আই চিয়ে এই দাবীসমূহক সম্পূৰ্ণ মিছা বুলি অভিহিত কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া