


বাৰ্লিন, ২৪ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে শুকুৰবাৰে কয় যে ভাৰতে খৰখেদাকৈ বা হেঁচাত বাণিজ্যিক চুক্তি নকৰে। তেওঁ লগতে কয় যে ভাৰতে ইউৰোপীয় সংঘ (ইউৰোপীয় ইউনিয়ন) আৰু আমেৰিকাকে ধৰি অন্যান্য দেশ আৰু অঞ্চলৰ সৈতে বাণিজ্যিক চুক্তিৰ বাবে সক্ৰিয়ভাৱে আলোচনা কৰি আছে।
জাৰ্মানীত বাৰ্লিন আলোচনাক সম্বোধন কৰি মন্ত্ৰী গোৱেলে এই মন্তব্য কৰে। তেওঁ কয়, আমি ইউৰোপীয় সংঘৰ সৈতে সক্ৰিয় আলোচনাত মিলিত হৈ আছো। আমি আমেৰিকাৰ সৈতেও কথা পাতি আছো, কিন্তু আমি খৰখেদাকৈ কোনো চুক্তিত স্বাক্ষৰ নকৰো, সময়সীমা নিৰ্ধাৰণ কৰি বা কোনো হেঁচাত কোনো চুক্তি নকৰো। তেওঁ কয় যে ভাৰতে কেতিয়াও খৰখেদাকৈ বা কোনো প্ৰৰোচনাত কোনো সিদ্ধান্ত গ্ৰহণ নকৰে। আমেৰিকাত আৰোপ কৰা উচ্চ আমদানি শুল্কৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতে নতুন বজাৰ বিচাৰিছে। এই আলোচনাত অংশগ্ৰহণৰ বাবে বাৰ্লিনলৈ আনুষ্ঠানিক ভ্ৰমণত আছে গোৱাল। এই উপলক্ষে তেওঁ কয় যে যিকোনো বাণিজ্যিক চুক্তিক দীৰ্ঘম্যাদী দৃষ্টিকোণৰ পৰা চাব লাগে।
চুক্তিখনৰ চৰ্তসমূহৰ ওপৰত ভাৰতৰ সৈতে দীৰ্ঘম্যাদী, ন্যায্য বাণিজ্যৰ চুক্তি হ’ব নেকি সেই প্ৰশ্নৰ সন্দৰ্ভত গোৱেলে কয় যে, “মই নাভাবো যে ভাৰতে কেতিয়াও ৰাষ্ট্ৰীয় স্বাৰ্থৰ বাহিৰে আন কোনো কথাৰ ওপৰত সিদ্ধান্ত লোৱা নাই যে ইয়াৰ বন্ধু কোন হ’ব ।” তেওঁ লগতে কয়, “যদি কোনোবাই মোক কয় যে আপুনি ইউৰোপীয় সংঘৰ সৈতে বন্ধুত্ব কৰিব নোৱাৰে, তেন্তে মই সেইটো মানি নলওঁ, বা কাইলৈ কোনোবাই যদি মোক কয় যে মই কেনিয়াৰ সৈতে কাম কৰিব নোৱাৰো, তেন্তে সেয়াও গ্ৰহণযোগ্য নহয়।”
তেওঁ লগতে কয় যে যিকোনো বাণিজ্যিক চুক্তিক দীৰ্ঘম্যাদী দৃষ্টিকোণৰ পৰা চোৱা উচিত। যিকোনো দেশৰ পৰা যিকোনো বিশেষ সামগ্ৰী ক্ৰয় কৰাৰ সিদ্ধান্ত বিশ্বব্যাপী হ’ব। ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিবলৈ ভাৰতৰ ওপৰত আমেৰিকাই হেঁচা প্ৰয়োগ কৰাৰ পৰিপ্ৰেক্ষিতত গোৱেলৰ এই মন্তব্য তাৎপৰ্যপূৰ্ণ। ভাৰতে এই কথা অস্বীকাৰ কৰিলেও ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিবলৈ ইচ্ছুক বুলি বিগত সপ্তাহত কেইবাবাৰো দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এক্স-পোষ্টক দিয়া এক বিবৃতিত গোৱেলে কয়, বাৰ্লিন গ্ল'বেল ডাইলগত 'গ্ৰ'ইং টুগেদাৰ: ট্ৰেড এণ্ড এলায়েন্সছ ইন এ চেঞ্জিং ৱৰ্ল্ড' শীৰ্ষক পেনেল আলোচনাত অংশগ্ৰহণ কৰি মই আনন্দিত হৈছো । ইয়াত ভাৰতে নিজৰ ব্যৱসায়িক সম্পৰ্ক দীৰ্ঘকালিন পাৰস্পৰিক বিকাশৰ দৃষ্টিকোণৰে কেনেদৰে গণ্য কৰে তাৰ ওপৰত জোৰ দিয়া হৈছে। দেশত বৈশ্বিক কোম্পানীসমূহৰ অংশগ্ৰহণ তথা ভৱিষ্যতত নিৰ্মাণ খণ্ডত মুকলি হোৱা ব্যাপক সুযোগৰ ওপৰত আলোকপাত কৰা হয়।
हिन्दुस्थान समाचार / অৰৱিন্দ