অলংকাৰ বজাৰৰ অৱনমন, একেৰাহে পঞ্চম দিন কমিল সোণৰ দৰ
নতুন দিল্লী, ২৪ অক্টোবৰ (হি.স.)। ঘৰুৱা অলংকাৰৰ বজাৰত সোণ-ৰূপৰ মূল্য হ্ৰাস পাইয়েই আছে। আজি একেৰাহে পঞ্চম দিনৰ বাবে হ্ৰাস পালে সোণৰ মূল্য। আজিৰ ব্যৱসায়ত সোণৰ মূল্য ৭৫০ টকাৰ পৰা ৮১০ টকাৰ ভিতৰত হ্ৰাস পাইছে। ৰূপৰ মূল্যও প্ৰতি কিলোগ্ৰামত ১০০০ টকা হ্ৰাস
सर्राफा बाजार में लगातार पांचवे सस्ता हुआ सोना


নতুন দিল্লী, ২৪ অক্টোবৰ (হি.স.)। ঘৰুৱা অলংকাৰৰ বজাৰত সোণ-ৰূপৰ মূল্য হ্ৰাস পাইয়েই আছে। আজি একেৰাহে পঞ্চম দিনৰ বাবে হ্ৰাস পালে সোণৰ মূল্য। আজিৰ ব্যৱসায়ত সোণৰ মূল্য ৭৫০ টকাৰ পৰা ৮১০ টকাৰ ভিতৰত হ্ৰাস পাইছে। ৰূপৰ মূল্যও প্ৰতি কিলোগ্ৰামত ১০০০ টকা হ্ৰাস পাইছে।

এই মূল্য হ্ৰাসৰ বাবে সমগ্ৰ দেশৰ প্ৰায়বোৰ বুলিয়ন বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,২৫,০৭০ টকাৰ পৰা ১,২৫,২২০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণৰ বিক্ৰী প্ৰতি ১০ গ্ৰামত ১,১৪,৬৪০ টকাৰ পৰা ১,১৪,৭৯০ টকাৰ ভিতৰত বিক্ৰী হৈছে। ৰূপৰ মূল্য হ্ৰাস পোৱাৰ বাবে এই চিকচিকিয়া ধাতুটো আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত ১,৫৮,৯০০ টকাত বিক্ৰী হৈছে।

দিল্লীত আজি ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৫,২২০ টকা, আনহাতে ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৪,৭৯০ টকা। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,২৫,০৭০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,১৪,৬৪০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,২৫,১২০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ দৰ ১,১৪,৬৯০ টকা ।

এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামৰ দৰ ১,২৫,০৭০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণ ১,১৪,৬৪০ টকাত বিক্ৰী হৈছে। কলকাতাত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৫,০৭০ টকা, আনহাতে ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৪,৬৪০ টকা।

লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,২৫,২২০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১৪,৭৯০ টকা। পাটনাত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,২৫,১২০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,১৪,৬৯০ টকাত বিক্ৰী হৈছে। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,২৫,২২০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,১৪,৭৯০ টকাত বিক্ৰী হৈছে।

দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ মূল্য হ্ৰাস পাইছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৫,০৭০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণৰ বিক্ৰী প্ৰতি ১০ গ্ৰামত ১,১৪,৬৪০ টকাত বিক্ৰী হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande