নতুন দিল্লী, ২২ অক্টোবৰ (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত আজি একেৰাহে তৃতীয় দিনৰ বাবে সোণৰ মূল্য সামান্য হ্ৰাস পালে। এই মূল্য হ্ৰাসৰ বাবে দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰতে ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,৩০,৫৭০ টকাৰ পৰা ১,৩০,৭২০ টকাৰ ভিতৰত ব্যৱসায় কৰা দেখা গৈছে। একেদৰে আজি ২২ কেৰেটৰ সোণৰ প্ৰতি ০ গ্ৰাম ১,১৯,৬৯০ টকাৰ পৰা ১,১৯,৮৪০ টকাৰ ভিতৰত বিক্ৰী হৈছে।
দিল্লীত আজি ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,৩০,৭২০ টকা ব্যৱসায় কৰা হৈছে, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৯,৮৪০ টকা ৰেকৰ্ড কৰা হৈছে। ইফালে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,৩০,৫৭০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰাম ১,১৯,৬৯০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,৩০,৬২০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ দৰ ১,১৯,৭৪০ টকা ৰেকৰ্ড কৰা হৈছে।
এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৩০,৫৭০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণ ১,১৯,৬৯০ টকাত বিক্ৰী কৰা হৈছে। কলকাতাতো ২৪ কেৰেটৰ প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ১,৩০,৫৭০ টকা প্ৰতি ১০ গ্ৰাম আৰু ২২ কেৰেটৰ সোণৰ মূল্য ১,১৯,৬৯০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,৩০,৭২০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণ ১,১৯,৮৪০ টকাত বিক্ৰী কৰা হৈছে। পাটনাত ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,৩০,৬২০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৯,৭৪০ টকা । জয়পুৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,৩০,৭২০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰাম ১,১৯,৮৪০ টকাত বিক্ৰী কৰা হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ মূল্য সামান্য হ্ৰাস পাইছে। ৰাজ্যৰ তিনিখন ৰাজধানী বেংগালুৰু, হায়দৰাবাদ, আৰু ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩০,৫৭০ টকা। একেদৰে এই তিনিখন চহৰৰ লংকাৰ বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১৯,৬৯০ টকাত বিক্ৰী হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া