গাজাত দুজন ইজৰাইলী সৈনিক নিহত, আইডিএফৰ দ্ৰুত আক্ৰমণ, ৪৫ জন নিহত
গাজা ষ্ট্ৰিপ, ২০ অক্টোবৰ (হি.স.)। গাজাত দেওবাৰে দুজন ইজৰাইলী সৈনিকক হত্যা কৰাৰ পিছত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী (আইডিএফ)য়ে ধাৰাবাহিক আক্ৰমণ চলায়। আইডিএফৰ আক্ৰমণত কমেও ৪৫ জন লোক নিহত হয়। হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি বিচ্ছিন্ন নহ’বলৈ আমেৰিকাই হ
इजराइल के मेजर यानिव कुला (बाएं) और स्टाफ सार्जेंट इते यावेत्ज़। दोनों 19 अक्टूबर को दक्षिणी गाजा पट्टी में हुए एक हमले में मारे गए। फोटो - आईडीएफ


গাজা ষ্ট্ৰিপ, ২০ অক্টোবৰ (হি.স.)। গাজাত দেওবাৰে দুজন ইজৰাইলী সৈনিকক হত্যা কৰাৰ পিছত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী (আইডিএফ)য়ে ধাৰাবাহিক আক্ৰমণ চলায়। আইডিএফৰ আক্ৰমণত কমেও ৪৫ জন লোক নিহত হয়। হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি বিচ্ছিন্ন নহ’বলৈ আমেৰিকাই হস্তক্ষেপ কৰিছে। ইজৰাইলে কয় যে যুদ্ধবিৰতিৰ চৰ্তসমূহ মানি চলিব যদিও প্ৰৰোচিত হ’লে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব।

ইজৰাইলৰ দ্য টাইমছত প্ৰকাশিত এক বাতৰি অনুসৰি দেওবাৰে পুৱা দক্ষিণ গাজাপট্টিত ইজৰাইলৰ সৈন্যৰ ওপৰত মাৰাত্মক আক্ৰমণৰ পিছত ইজৰাইলেও তীব্ৰ আক্ৰমণ চলায়। ইফালে ১০ অক্টোবৰৰ পৰা যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ এসপ্তাহৰ পাছত যুদ্ধ বিৰতি ভংগ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ৱাশ্বিংটনে হস্তক্ষেপ কৰিছিল বুলি কোৱা হৈছে। এই আক্ৰমণত ইজৰাইলৰ দুজন সামৰিক বিষয়া মেজৰ ইয়ানিভ কুলা (২৬) আৰু ষ্টাফ চাৰ্জেণ্ট ইটায় ইয়াভেট্জ নিহত হোৱাৰ লগতে আন তিনিজন আহত হয়।

এই আক্ৰমণৰ বাবে আইডিএফে হামাছক দোষাৰোপ কৰি সন্ত্ৰাসবাদী সংগঠনটোৰ বিৰুদ্ধে ব্যাপক আক্ৰমণ চলায়। যোৱা নিশা আইডিএফে ঘোষণা কৰে যে আক্ৰমণৰ পিছত যুদ্ধবিৰতি পালন কৰিবলৈ আৰম্ভ কৰিছে, ৰাজনৈতিক পৰ্যায়ৰ নিৰ্দেশনাৰ ভিত্তিত। হামাছৰ যুদ্ধবিৰতি উলংঘাৰ ফলত এই আক্ৰমণৰ সূচনা হৈছে। আইডিএফে জোৰ দি কয় যে ইজৰাইলে যুদ্ধবিৰতি চুক্তি মানি চলি থাকিব আৰু যিকোনো উলংঘাৰ ক্ষেত্ৰত কঠোৰ প্ৰত্যুত্তৰ জনাব।

আইডিএফৰ তৰফৰ পৰা ২০টা টাৰ্গেটত আঘাত হানি এই ঘোষণা কৰা হৈছে। হামাছৰ অসামৰিক প্ৰতিৰক্ষা সংস্থাই প্ৰকাশ কৰিছে যে ইজৰাইলৰ আক্ৰমণত ৪৫ জন লোক নিহত হৈছে। চেনেল ১২ৰ তথ্য অনুসৰি ৰাফাত সৈনিকৰ ওপৰত হোৱা মাৰাত্মক আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজ আৰু অন্যান্য উচ্চ নিৰাপত্তাৰক্ষীৰ সৈতে আলোচনাত মিলিত হয়। হামাছৰ বিৰুদ্ধে কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সিদ্ধান্ত লোৱা হয়। ইজৰাইলী এজন বিষয়াই কয় যে হামাছৰ উগ্ৰপন্থীয়ে এতিয়াও সক্ৰিয় ভূগৰ্ভস্থ সুৰংগত আত্মগোপন কৰি আছে আৰু যুদ্ধবিৰতিৰ আৱৰণত ইজৰাইলী বাহিনীক হাৰাশাস্তি কৰাৰ চেষ্টা চলাই আছে।

ইফালে, ৱাশ্বিংটনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিষয়াসকলে যুদ্ধবিৰতি বিচ্ছিন্ন নহ’বলৈ কাম কৰি আছে। এই তথ্যৰ সৈতে পৰিচিত আমেৰিকাৰ বিষয়াসকলৰ উদ্ধৃতি দি এক্সিঅ’ছৰ বাতৰি কাকতখনে এই তথ্য প্ৰকাশ কৰিছে। আউটলেটটোৰ মতে, মধ্যপ্ৰাচ্যৰ বাবে আমেৰিকাৰ বিশেষ দূত ষ্টিভ উইটকফ আৰু ট্ৰাম্পৰ উপদেষ্টা তথা জোঁৱাই জেৰেড কুছনাৰে কৌশলগত পৰিক্ৰমা সচিব ৰন ডাৰ্মাৰৰ সৈতে এই পৰিস্থিতিৰ বিষয়ে কথা পাতিছে। সোমবাৰে ইজৰাইল ভ্ৰমণৰ কথা আছে উইটকফ আৰু কুছনাৰে। মঙলবাৰে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সেও ভ্ৰমণৰ কথা।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande