হংকং, ২০ অক্টোবৰ (হি.স.)। হংকং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সোমবাৰে পুৱা ডুবাইৰ পৰা অহা এখন মালবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ দুজন লোকৰ মৃত্যু হয়। সৌভাগ্যক্ৰমে চাৰিওজন ক্ৰু মেম্বাৰক নিৰাপদে উদ্ধাৰ কৰা হয়। বিমানবন্দৰৰ বিষয়াসকলে এই দুৰ্ঘটনা নিশ্চিত কৰি কয় যে ক্ৰু সদস্যসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
চাউথ চাইনা মৰ্নিং পোষ্ট কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি ই কে ৯৭৮৮ নম্বৰৰ বিমানখন ডুবাইৰ চৰকাৰী বিমান সংস্থা এমিৰেটছৰ আছিল। পুৱা প্ৰায় ৩:৫০ বজাত অৱতৰণ কৰাৰ সময়তে ৰাণৱেৰ পৰা পিছলি পৰে কাৰ্গো বিমানখন গ্ৰাউণ্ড চাৰ্ভিচ বাহনৰ সৈতে খুন্দা মৰাৰ পিছত সাগৰত বাগৰি পৰে। এই দুৰ্ঘটনা উত্তৰ ৰাণৱেত সংঘটিত হৈছে । এই ৰাণৱেটো সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।
আৰক্ষীৰ মতে, পুৱতি নিশা প্ৰায় ৩:৫০ বজাত ডুবাইৰ পৰা অহা এমিৰেটছৰ বিমান ইকে৯৭৮৮খন অৱতৰণ কৰাৰ সময়ত ৰাণৱেৰ পৰা পিছলি যায়। আৰক্ষীয়ে জনোৱা মতে, বিমানখনে এখন গ্ৰাউণ্ড চাৰ্ভিচ বাহনৰ সৈতে খুন্দা মাৰি মহতিয়াই নিয়ে আৰু সাগৰত পৰেগৈ। স্থল বাহনখনত থকা দুজন লোকক সাগৰৰ পৰা উদ্ধাৰ কৰা হয়। ইয়াৰে এজনৰ পুৱা ৫:৫৫ বজাত মৃত্যু হয়। আনগৰাকীৰ পুৱা ৬:২৬ বজাত নৰ্থ লেণ্টাউ হাস্পতালত মৃত্যু হয়। ইয়াৰে এজনৰ বয়স ৩০ আৰু আনজনৰ বয়স আছিল ৪১।
বিষয়াসকলৰ মতে, হংকং বিমানবন্দৰ কৰ্তৃপক্ষই পুৱা সংবাদমেলত আনুষ্ঠানিকভাৱে এই দুৰ্ঘটনাৰ কথা ঘোষণা কৰিব। ইফালে বিমানবন্দৰ কৰ্তৃপক্ষৰ ৱেবছাইটৰ তথ্য অনুসৰি এই পৰ্যন্ত ১২খন কাৰ্গো বিমান বাতিল কৰা হৈছে। ইয়াৰ ভিতৰত আছে টেল আভিভৰ পৰা চেলেঞ্জ এয়াৰলাইন্সৰ বিমান ৫চি৮৫২, এংকৰেজ আৰু লছ এঞ্জেলছৰ পৰা এটলাছ এয়াৰৰ বিমান ৫ৱাই৮৯০২, আৰু দোহাৰ পৰা এয়াৰব্ৰিজ কাৰ্গো এয়াৰলাইন্সৰ বিমান আৰইউ ৮৪০৯, যিসমূহ পুৱা ৭ বজাত অৱতৰণ কৰাৰ কথা আছিল।
যাত্ৰীবাহী বিমানত এই দুৰ্ঘটনাৰ কোনো প্ৰভাৱ পৰা যেন দেখা নাযায়। কেন্দ্ৰীয় ৰাণৱে আৰু দক্ষিণ ৰাণৱে কাৰ্যক্ষম হৈ আছে। অসামৰিক বিমান পৰিবহণ বিভাগে এই ঘটনাক লৈ গভীৰ উদ্বিগ্ন বুলি উল্লেখ কৰে। বিমান সংস্থা এমিৰেটছকে ধৰি বিভিন্ন অংশীদাৰৰ সৈতে যোগাযোগ কৰা হৈছে। স্থল কৰ্মচাৰী দুজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে পৰিবহণ বিভাগৰ মুখপাত্ৰই। মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে যে বিমানৰ সুৰক্ষা সৰ্বোচ্চ আৰু বিমান দুৰ্ঘটনা তদন্ত কৰ্তৃপক্ষই দুৰ্ঘটনাৰ কাৰণৰ সবিশেষ তদন্ত কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ