ঢাকা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৭ ঘণ্টাৰ পাছত অগ্নিকাণ্ড নিয়ন্ত্ৰণ, গভীৰ নিশা পুনৰ বিমান সেৱা আৰম্ভ
ঢাকা, ১৯ অক্টোবৰ (হি.স.)। হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (এইচএছআইএ)ৰ কাৰ্গো ভিলেজত শনিবাৰে বিয়লি সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ড সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ অনা হৈছে। গভীৰ নিশা বিমানবন্দৰত পুনৰ বিমানৰ কাম আৰম্ভ হয়। অগ্নিকাণ্ডৰ কাৰণ জানিবলৈ
ढाका एयरपोर्ट पर लगी आग पर काबू पाया गया


ঢাকা, ১৯ অক্টোবৰ (হি.স.)। হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (এইচএছআইএ)ৰ কাৰ্গো ভিলেজত শনিবাৰে বিয়লি সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ড সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ অনা হৈছে। গভীৰ নিশা বিমানবন্দৰত পুনৰ বিমানৰ কাম আৰম্ভ হয়। অগ্নিকাণ্ডৰ কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে।

শনিবাৰে নিশা প্ৰায় ২:১৫ বজাত ঢাকাৰ হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাৰ্গো গাঁৱত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ড ইমানেই দ্ৰুতগতিত বিয়পি পৰিছিল যে সকলো বিমান ততালিকে বন্ধ কৰিব লগা হৈছিল। চাৰিওফালৰ অঞ্চলবোৰত ক’লা ধোঁৱাই আৱৰি পৰিছিল।

এই সময়ছোৱাত এইচ এছ আই এৰ পৰা বিমান সেৱা বন্ধ হৈ পৰে। সাৱধানতা স্বৰূপে কেইবাখনো ঘৰুৱা বিমান ঢাকাত অৱতৰণ কৰাৰ পৰিৱৰ্তে চিটাগংলৈ ডাইভাৰ্ট কৰা হয়। অগ্নিনিৰ্বাপক বাহিনীৰ আৰু বিমানবন্দৰ কৰ্তৃপক্ষৰ তৎকালীন আৰু সহযোগিতামূলক প্ৰচেষ্টাত প্ৰায় ৭ ঘণ্টাৰ অন্তত জুই নিয়ন্ত্ৰণলৈ অনা হয়।

মিডিয়া গ্ৰুপ প্ৰথম আলোৱে অসামৰিক বিমান পৰিবহণ আৰু পৰ্যটন মন্ত্ৰালয়ৰ উদ্ধৃতি দি প্ৰকাশ কৰা অনুসৰি এইচ আই এৰ কাৰ্গো গাঁৱত জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰা হৈছে আৰু ৯:৩০ বজাত বিমান সেৱা পুনৰ আৰম্ভ কৰা হৈছে।

মন্ত্ৰালয়ৰ মতে, প্ৰায় ২:১৫ বজাত সংঘটিত হোৱা অগ্নিকাণ্ডটো অগ্নিনিৰ্বাপক বাহিনী আৰু বিমানবন্দৰ কৰ্তৃপক্ষৰ তৎকালীন আৰু সমন্বিত প্ৰচেষ্টাৰ অন্তত নিয়ন্ত্ৰণলৈ অনা হয় আৰু কোনো লোকৰ মৃত্যু হোৱা নাই। অগ্নিকাণ্ডৰ কাৰণ জানিবলৈ চৰকাৰী তদন্ত আৰম্ভ কৰা হৈছে। মন্ত্ৰালয়ে কয় যে ইয়াৰ কাৰণ নিৰ্ণয় আৰু পুনৰাবৃত্তি ৰোধৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande