গৰিব ৰথ এক্সপ্ৰেছৰ অগ্নিকাণ্ডৰ তদন্তৰ নিৰ্দেশ ৰেলৱেৰ
- ছিৰহিন্দ দুৰ্ঘটনাত জড়িত ৰে’লখনৰ দবা আম্বালাত সলনি, এক ডজন ৰে’ল প্ৰভাৱিত চণ্ডীগড়, ১৮ অক্টোবৰ (হি.স.)। পঞ্জাৱৰ ছিৰহিন্দ ষ্টেচনৰ সমীপত অমৃতসৰৰ পৰা বিহাৰৰ সহৰছালৈ গৈ থকা গৰীব ৰথ এক্সপ্ৰেছ ৰে’লখন শনিবাৰে পুৱা প্ৰায় ১১ বজাত পুনৰ আম্বালা কেণ্ট ষ্টেচ
ভাৰতীয় ৰেলৱে


- ছিৰহিন্দ দুৰ্ঘটনাত জড়িত ৰে’লখনৰ দবা আম্বালাত সলনি, এক ডজন ৰে’ল প্ৰভাৱিত

চণ্ডীগড়, ১৮ অক্টোবৰ (হি.স.)। পঞ্জাৱৰ ছিৰহিন্দ ষ্টেচনৰ সমীপত অমৃতসৰৰ পৰা বিহাৰৰ সহৰছালৈ গৈ থকা গৰীব ৰথ এক্সপ্ৰেছ ৰে’লখন শনিবাৰে পুৱা প্ৰায় ১১ বজাত পুনৰ আম্বালা কেণ্ট ষ্টেচনলৈ অনা হয়। তিনিখন ডবা সলনি কৰি যাত্ৰীসকলক ৰাওনা কৰা হয়। অগ্নিকাণ্ডৰ বাবে প্ৰায় ছয় ঘণ্টা ধৰি আবদ্ধ হৈ পৰে যাত্ৰীসকল।

ইফালে ৰে’লৱেই দুৰ্ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে। ছিৰহিন্দৰ ওচৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পিছত ৰে’লৱেই চণ্ডীগড় আৰু আম্বালাক এই বিষয়ে অৱগত কৰে, যাৰ ফলত চণ্ডীগড়ৰ পৰা তিনিটা ডবা ৰিকুইজিচন কৰা হয়। ইফালে দুৰ্ঘটনাটোত জড়িত যাত্ৰীবাহী ৰে’লখন আম্বালা কেণ্টত উপস্থিত হয় আৰু তাতেই অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা তিনিখন ডবা বিষয়াৰ উপস্থিতিত সলনি কৰা হয়। ইয়াৰ পিছতে যাত্ৰীসকলক নিজৰ আসনলৈ ঘূৰাই পঠিওৱা হয়।

শনিবাৰে পঞ্জাৱত সংঘটিত হোৱা দুৰ্ঘটনাৰ ফলত গুৰমুখী এক্সপ্ৰেছ, অমৃতসৰ শতাব্দী, সচখণ্ড এক্সপ্ৰেছৰ দৰে ৰে’ল পলম হোৱাৰ ফলত মূল লাইনটো ক্ষতিগ্ৰস্ত হয়। গৰিব ৰথ এক্সপ্ৰেছতো নিৰ্ধাৰিত সময়ৰ পৰা প্ৰায় ছয় ঘন্টা পলম হৈছে। এই ঘটনাই আন কেইবাখনো ৰে’লকো প্ৰভাৱিত কৰিছে। অমৃতসৰ শতাব্দী এক্সপ্ৰেছ, গুৰমুখী ছুপাৰফাষ্ট এক্সপ্ৰেছ, সচখণ্ড এক্সপ্ৰেছ, দিল্লী ইন্টাৰচিটি, জলন্ধৰ ইন্টাৰচিটি এক্সপ্ৰেছকে ধৰি কেইবাখনো ৰে’লৰ চলাচল পলম হৈছে।

আম্বালাৰ সংমণ্ডলীয় ৰে’লৱে প্ৰবন্ধক বিনোদ ভাটিয়াই এই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰিছে। প্ৰাথমিক তদন্তত শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। তেওঁ কয় যে যাত্ৰীৰ সুৰক্ষাই সৰ্বোচ্চ অগ্ৰাধিকাৰ। ট্ৰেকটো পুনৰুদ্ধাৰ কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande