অযোধ্যাত ২১০০ গৰাকী মহিলা আৰু শিক্ষাৰ্থীয়ে একেলগে সৰযু আৰতি কৰি গঢ়িলে বিশ্ব অভিলেখ
অযোধ্যা, ১৮ অক্টোবৰ (হি.স.)। অযোধ্যাৰ সৰযু আৰতিৰ যোৱা বছৰৰ বিশ্ব অভিলেখ শনিবাৰে ভংগ হয়। এইবাৰ ৰামনগৰী অযোধ্যাত ২১০০ গৰাকী মহিলা, সংস্কৃত শিক্ষাৰ্থী আৰু বঞ্চিত সমাজৰ সদস্যই মাতা সৰযুৰ আৰতি পৰিৱেশন কৰে। এই অসাধাৰণ দৃশ্য কেৱল দৰ্শনীয় হোৱাই নহয়, অ
सरयू की आरती' कर रचा इतिहास


सरयू की आरती' कर रचा इतिहास


অযোধ্যা, ১৮ অক্টোবৰ (হি.স.)। অযোধ্যাৰ সৰযু আৰতিৰ যোৱা বছৰৰ বিশ্ব অভিলেখ শনিবাৰে ভংগ হয়। এইবাৰ ৰামনগৰী অযোধ্যাত ২১০০ গৰাকী মহিলা, সংস্কৃত শিক্ষাৰ্থী আৰু বঞ্চিত সমাজৰ সদস্যই মাতা সৰযুৰ আৰতি পৰিৱেশন কৰে। এই অসাধাৰণ দৃশ্য কেৱল দৰ্শনীয় হোৱাই নহয়, অযোধ্যাৰ দেৱত্বৰো চানেকি দাঙি ধৰিছিল।

বিগত বৰ্ষত ১১৫১ জন লোকে পৰিত্ৰাণ দাতা মাতা সৰযুৰ সামূহিক আৰতি কৰি গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিছিল। এইবাৰ ২১০০ লোকে পূৰ্বৰ অভিলেখ ভংগ কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। সৰযু আৰতিৰ সময়ত ড্ৰ’ন কেমেৰা লৈ বিশ্ব অভিলেখ সৃষ্টিকাৰী দলৰ সদস্যসকল উপস্থিত আছিল। জিলা প্ৰশাসন আৰু পৌৰ নিগমৰ সহযোগত বশিষ্ঠ ফাউণ্ডেচনে আয়োজন কৰিছিল সৰযুৰ পাৰত এই আৰতি।

এই উপলক্ষ্যত পৌৰ নিগমৰ মেয়ৰ মহন্ত গিৰিশপতি ত্ৰিপাঠী, মুখ্য উন্নয়ন বিষয়া কৃষ্ণ কুমাৰ সিং, অতিৰিক্ত জিলা দণ্ডাধীশ অনিৰুদ্ধ সিং, পৌৰ নিগমৰ বিষয়া, ধৰ্মগুৰু, আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। এই অনুষ্ঠানত জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৌৰৱ গ্ৰ’ভাৰেও অংশগ্ৰহণ কৰে।

সন্ধিয়া ৬ বজাত সামৰণি পৰা এই অনুষ্ঠানত বশিষ্ঠ ফাউণ্ডেশ্যনৰ সচিব ৰাজলক্ষ্মী তিৱাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয় যে আৰতি স্থান পৰিচালনাৰ উদ্দেশ্যে ১১টা জ’নত ভাগ কৰা হৈছিল। নয়াঘাটৰ পৰা লক্ষ্মণ ঘাটলৈকে বিস্তৃত আৰতি স্থানৰ প্ৰতিটো জ’নত থিয় হৈ আৰতি পৰিৱেশন কৰা ২০০ জন অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিছিল। তেওঁ কয় যে সৰযু আৰতিত অযোধ্যাৰ সামাজিক সংগঠনৰ মহিলা, সংস্কৃত ছাত্ৰ-ছাত্ৰী, আৰু বঞ্চিত সমাজৰ লোকৰ প্ৰতিনিধিও অন্তৰ্ভুক্ত আছিল। দেওবাৰে দীপোৎসৱ উদযাপনৰ সময়তো সৰযু আৰতি পৰিবেশন কৰা হ’ব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande