নতুন দিল্লী, ১৮ অক্টোবৰ (হি.স.)। স্বচ্ছ ভাৰত অভিযান (স্বচ্ছতা অভিযান)ৰ অংশ হিচাপে ডাক বিভাগে সমগ্ৰ দেশৰ ৪৭,৩৫৮ টা ডাকঘৰত এক বিশেষ স্বচ্ছতা অভিযান চলাইছে। এই অভিযানৰ সময়ত ৪,৯৫২ টা ডাক চোতালৰ আয়োজন কৰা হৈছিল, ৩২,২৪৯ টা ফাইল পৰ্যালোচনা কৰা হৈছিল, আৰু ৭,৬১১ টা ফাইলৰ সমাধান কৰা হৈছিল। এই সময়ছোৱাত ডাক বিভাগে ৫৭,৯৬১টাতকৈও অধিক ৰাজহুৱা অভিযোগৰ সমাধানো কৰে। এই অভিযানৰ অংশ হিচাপে ডাক বিভাগে পুৰণি ফাইল আৰু কাগজ আঁতৰাই স্ক্ৰেপ বিক্ৰীৰ পৰা ৩২,৪৮,০০০ ₹ ৰাজহ আহৰণ কৰিছিল, আৰু লগতে সমগ্ৰ দেশতে ১৩,০৪৯ বৰ্গফুট ঠাই মুকলি কৰি দিছিল।
কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ডাক চক্ৰ, ডাক বিভাগ, আঞ্চলিক কাৰ্যালয়, ছৰ্টিং চেণ্টাৰ, আৰু গ্ৰাম্য আৰু নগৰীয়া ডাকঘৰ পৰ্যায়ত ডাক বিভাগে এই অভিযান চলাইছিল। এই পৰ্যন্ত ৪৭ হাজাৰৰো অধিক ডাকঘৰ স্বচ্ছ ভাৰত অভিযানত অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ফলত কাৰ্যালয় চৌহদ অধিক সংগঠিত হৈছে। বিভাগীয় বিষয়াসকলেও ডাক চোতালৰ জৰিয়তে জনসাধাৰণৰ অভিযোগসমূহ শুনে। এই পৰ্যন্ত ৪,৯৫২ টা ডাক চোতালৰ আয়োজন কৰা হৈছে যাতে চৰকাৰী সেৱা শেষ ব্যক্তিৰ ওচৰলৈ যায়। বিচাৰধীন গোচৰসমূহ সমাধানৰ বাবে ডাক বিভাগে ৩২,২৪৯টা ফাইল পৰ্যালোচনা কৰি ৭,৬১১টা ফাইল সজাই নিষ্পত্তি কৰিছে। ইয়াৰ উপৰিও ৫৭,৯৬১ টা ৰাজহুৱা অভিযোগ আৰু আপীলৰ সমাধান কৰা হৈছে।
ৰেকৰ্ড ব্যৱস্থাপনা, ডিজিটেলাইজেচন, আৰু অব্যৱহৃত বস্তু আঁতৰোৱাৰ দৰে প্ৰচেষ্টাই প্ৰায় ১৩,০৪৯ বৰ্গফুট ঠাই মুকলি কৰি দিছে। স্ক্ৰেপ বিক্ৰীৰ পৰাও বিভাগটোৱে ৩২,৪৮,০০০ ₹তকৈ অধিক ৰাজহ আহৰণ কৰিছে। সৌন্দৰ্য্যবৰ্ধন অভিযানৰ অংশ হিচাপে সমগ্ৰ দেশৰ বহু ডাকঘৰৰ দেৱালত জনসচেতনতা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, ডাক ঐতিহ্যৰ সৈতে জড়িত ছবিৰে সজাই তোলা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ