কলকাতা, ১৮ অক্টোবৰ (হি.স.)। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দাৰ্জিলিং, তৰাই আৰু দুয়াৰ্ছ অঞ্চলত কেন্দ্ৰীয় চৰকাৰে আলোচক নিযুক্তি দিয়াৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে । এই বিষয়ত অসন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখিছে।
পত্ৰখনত মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰক আস্থাত নোলোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপক “আশ্বৰ্যজনক আৰু দুখজনক” বুলি অভিহিত কৰিছে। গোৰ্খা টেৰিটৰিয়েল এডমিনিষ্ট্ৰেচনৰ (জিটিএ) অধীনস্থ দাৰ্জিলিং পাহাৰ, তেৰাই, আৰু দুৱাৰছত আইন-শৃংখলা আৰু শান্তি বজাই ৰখাটো ৰাজ্য চৰকাৰৰ দায়িত্ব বুলিও কয়। গতিকে ৰাজ্যখনক আন্ধাৰত ৰাখি মধ্যস্থতাকাৰী নিযুক্তি দিয়াটো উচিত নহয়।
শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই পদত প্ৰাক্তন উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা তথা অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া পংকজ কুমাৰ সিঙক নিযুক্তি দিছে। গোৰ্খাসকলৰ দীৰ্ঘদিনীয়া দাবী আৰু বিষয়সমূহৰ ওপৰত আলোচনা আগবঢ়াই নিয়াৰ দায়িত্ব তেওঁক দিয়া হৈছে।
ৰাজস্থানৰ প্ৰাক্তন কেডাৰ বিষয়া পংকজ কুমাৰ সিঙক সীমান্ত সুৰক্ষা আৰু কূটনৈতিক আলোচনাৰ বিশেষজ্ঞ বুলি গণ্য কৰা হয়। অৱশ্যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে স্পষ্ট কৰি দিয়ে যে এই নিযুক্তি সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সৈতে আলোচনা হোৱা নাছিল, নবন্না (ৰাজ্য সচিবালয়)ৰ বিষয়েও আনুষ্ঠানিকভাৱে অৱগত কৰা হোৱা নাছিল।
মমতাই নিজৰ পত্ৰখনত কয়, দাৰ্জিলিং আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত স্থায়ী সমাধান এটা ত্ৰিপাক্ষিক বিষয়—কেন্দ্ৰীয়, ৰাজ্যিক আৰু স্থানীয় প্ৰশাসনৰ মাজত। গতিকে ৰাজ্যৰ অজ্ঞাতে কাৰোবাক মধ্যস্থতাকাৰী হিচাপে নিযুক্তি দিয়াটো সাংবিধানিক মনোভাৱৰ বিপৰীত।
हिन्दुस्थान समाचार / অৰৱিন্দ