বাক্সা,১৬ অক্টোবৰ (হি.স.)। বাক্সাৰ শালবাৰীত মেগা স্বাস্থ্য শিবিৰ অনুষ্ঠিত। মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্মৰ মেগা স্বাস্থ্য শিবিৰ উদ্বোধন। বাক্সা জিলাৰ শালবাৰী মহাবিদ্যালয়ৰ খেলপথাৰত আজি অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত মানাহ বিধানসভা সমষ্টি ভিত্তিত মেগা স্বাস্থ্য শিবিৰ কাৰ্যসূচী অনুষ্ঠিত হয়। স্বাস্থ্য শিবিৰ ৰঙা ফিটা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্মই ।
ইয়াৰ পাছতেই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আজিৰ এই কাৰ্যসূচী সন্দৰ্ভত এখনি স্বাস্থ্য সম্পৰ্কীয় সভা অনুষ্ঠিত হয়। উল্লেখ্য যে আজিৰ স্বাস্থ্য শিবিৰত শূন্যৰ পৰা ওঠৰ বছৰ বয়সৰ মাজৰ সকলক স্বাস্থ্য সেৱা আগবঢ়োৱা হয়। সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত আজিৰ কাৰ্যসূচী সম্পৰ্কে মন্তব্য আগবঢ়ায় মন্ত্ৰী উৰ্খাও ব্ৰহ্মই ।লগতে সভাত অংশগ্ৰহণ কৰি স্বাস্থ্য শিবিৰ সম্পৰ্কে মন্তব্য আগবঢ়ায় বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাচাত বসুমতাৰীয়ে । ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে অংশগ্রহণ কৰা কাৰ্যসূচীত শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰীকে আদি কৰি স্বাস্থ্য বিভাগৰ কেবাগৰাকীও বিষয়ববীয়া কৰ্মকৰ্তাই অংশগ্রহণ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা