মঙলদৈত স্বাস্থ্য মেলাৰ শুভাৰম্ভ
দৰং, ১৬ অক্টোবৰ (হি.স.)। মঙলদৈত স্বাস্থ্য মেলাৰ শুভাৰম্ভ। দৰং-ওদালগুৰিৰ সাংসদ তথা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ফিটা কাটি শুভ উদ্বোধন কৰে স্বাস্থ্য মেলাৰ। গ্ৰামঞ্চলৰ দৰিদ্ৰ জটিল ৰোগীক চিনাক্ত কৰি বিনামূলীয়া চিকিৎসা প্ৰদানৰ উদ্দেশ্যে লোৱা এক
মঙলদৈত স্বাস্থ্য মেলাৰ শুভাৰম্ভ।


মঙলদৈত স্বাস্থ্য মেলাৰ শুভাৰম্ভ।


দৰং, ১৬ অক্টোবৰ (হি.স.)। মঙলদৈত স্বাস্থ্য মেলাৰ শুভাৰম্ভ। দৰং-ওদালগুৰিৰ সাংসদ তথা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ফিটা কাটি শুভ উদ্বোধন কৰে স্বাস্থ্য মেলাৰ।

গ্ৰামঞ্চলৰ দৰিদ্ৰ জটিল ৰোগীক চিনাক্ত কৰি বিনামূলীয়া চিকিৎসা প্ৰদানৰ উদ্দেশ্যে লোৱা এক অভিলাষী আঁচনি হৈছে সমষ্টি ভিত্তিক চিকিৎসা শিবিৰ।

১৮ বছৰ বয়সলৈকে এই শিবিৰত প্ৰদান কৰা হৈছে চিকিৎসা। অসমৰ ১২৬ টা সমষ্টিত আয়োজন কৰা হৈছে এই চিকিৎসা শিবিৰৰ।

মঙলদৈ সমষ্টিৰ ডাহী বালিকা বিদ্যাপীঠত অনুষ্ঠিত হোৱা চিকিৎসা শিবিৰত বিভিন্ন বিদ্যালয়ৰ ছাত্র ছাত্ৰীকে ধৰি প্ৰায় ৬ হাজাৰ লোক উপস্থিত হৈছে।

চিকিৎসা শিবিৰত গুৱাহাটি আৰু তেজপুৰ মেডিকেল কলেজৰ বিশেষজ্ঞ চিকিৎসক সকলে অংশ লৈছে।

ইয়াত কোনো জটিল ৰোগ চিনাক্ত হলে চৰকাৰে বিনামুলিয়াকৈ উন্নত চিকিৎসাৰ ব্যৱস্থা আগবঢ়াব বুলি প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande