জে ডি এচ জি মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ মন্ত্ৰী অতুল বৰাৰ
গোলাঘাট, ১৬ অক্টোবৰ (হি.স.)। বোকাখাতৰ ঐতিহ্যমণ্ডিত অগ্ৰনী শিক্ষানুষ্ঠান জে ডি এচ জি মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ মন্ত্ৰী অতুল বৰাৰ । জে ডি এচ জি মহাবিদ্যালয়ে গৌৰৱোজ্জল ৬১ টা বছৰৰ ইতিহাস বুকুত সামৰি সগৌৰৱে জিলিকি আছে বোকাখ
জে ডি এচ জি মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ মন্ত্ৰী অতুল বৰাৰ


গোলাঘাট, ১৬ অক্টোবৰ (হি.স.)। বোকাখাতৰ ঐতিহ্যমণ্ডিত অগ্ৰনী শিক্ষানুষ্ঠান জে ডি এচ জি মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ মন্ত্ৰী অতুল বৰাৰ । জে ডি এচ জি মহাবিদ্যালয়ে গৌৰৱোজ্জল ৬১ টা বছৰৰ ইতিহাস বুকুত সামৰি সগৌৰৱে জিলিকি আছে বোকাখাতত । পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ ইত্যাদি কাৰ্যসূচী সম্পন্ন হোৱাৰ লগতে মুকলি আলোচনা, স্মৃতিগ্ৰন্থ উন্মোচন কাৰ্যসূচী অনুষ্ঠিত হ'ব ।

বৃহস্পতিবাৰে হীৰক জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা সকলৰ লগতে মহাবিদ্যালয় খনৰ লগত জড়িত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে । আগন্তুক দিনতো যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ে উজ্বলি থকাৰ আশা ব্যক্ত কৰে মন্ত্ৰী গৰাকীয়ে । ইফালে প্ৰতিষ্ঠাৰ প্ৰথম বৰ্ষৰ ছাত্ৰ সুসময় পুৰকায়স্থই তেতিয়াৰ আৰু এতিয়াৰ স্মৃতি ৰোমন্ঠন কৰে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande