বিজনীত মেগা হেলথ কেম্প অনুষ্ঠিত
চিৰাং, ১৬ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত তথা অসম চৰকাৰৰ সুশ্ৰুচ সেতুৰ উদ্যোগত বৃহস্পতিবাৰে চিৰাঙৰ বিজনী মহাবিদ্যালয়ত ২০ নং বিজনী বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত হয় মেগা হেলথ কেম্প। উদ্বোধনী সভাত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, চিৰ
বিজনীত মেগা হেলথ কেম্প অনুষ্ঠিত


চিৰাং, ১৬ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত তথা অসম চৰকাৰৰ সুশ্ৰুচ সেতুৰ উদ্যোগত বৃহস্পতিবাৰে চিৰাঙৰ বিজনী মহাবিদ্যালয়ত ২০ নং বিজনী বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত হয় মেগা হেলথ কেম্প।

উদ্বোধনী সভাত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, চিৰাঙৰ জিলা আয়ুক্ত যতীন বৰা, যুটীয়া স্বাস্থ্য সঞ্চালক ডা৹ হাৰুণ আলী ৰছিদ, বিজনীৰ মহকুমাধিপতি অৰজিৎ মাহাজনসহ অতিথি বৃন্দ উপস্থিত থাকে।

এই মেগা হেলথ কেম্প ত জন্মগত স্বাস্থ্যৰ বিসংগতি থকা ১৮ বছৰৰ অনূৰ্ধ ল'ৰা-ছোৱালীক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাই চিকিৎসকৰ পৰামৰ্শ অনুসৰি উন্নত চিকিৎসাৰ প্ৰয়োজনীয়তা থকা ল'ৰা-ছোৱালীক বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা হ'ব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande