জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ উপ উচ্চায়ুক্তৰ সৈতে আলোচনাত মিলিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
গুৱাহাটী, ১৫ অক্টোবৰ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিল্লীস্থিত অসম ভৱনত ছিংগাপুৰৰ উপ উচ্চায়ুক্তৰ সৈতে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুকাণ্ডক লৈ আলোচনাত মিলিত হয় । উপ উচ্চায়ুক্ত এলিচ চেঙে জুবিন গাৰ্গৰ মৃত্যুকাণ্ডক লৈ ছিংগাপুৰত প
জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ উপ উচ্চায়ুক্তৰ সৈতে আলোচনাত মিলিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা


গুৱাহাটী, ১৫ অক্টোবৰ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিল্লীস্থিত অসম ভৱনত ছিংগাপুৰৰ উপ উচ্চায়ুক্তৰ সৈতে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুকাণ্ডক লৈ আলোচনাত মিলিত হয় । উপ উচ্চায়ুক্ত এলিচ চেঙে জুবিন গাৰ্গৰ মৃত্যুকাণ্ডক লৈ ছিংগাপুৰত পেছাদাৰীভাৱে তদন্ত চলিছে বুলি আশ্বাস প্ৰদান কৰে বুলি সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে সংবাদমাধ্যমৰ আগত জনায় যে, ছিংগাপুৰ আৰক্ষীয়ে তদন্ত চলি থকাৰ সময়ত কোনো তথ্যই ৰাজহুৱা নকৰে। এই কথা আমাক জনাইছে ছিংগাপুৰৰ উপ উচ্চায়ুক্তগৰাকীয়ে। এই সময়ত ভাৰত তথা অসমবাসী কিছুদিন অপেক্ষা কৰিবলৈ আহ্বান জনাইছে।

ছিংগাপুৰ পুলিচে ৩মাহৰ ভিতৰত জুবিন মৃত্যুকাণ্ডক লৈ আদালতত ছাৰ্জশ্বিট প্ৰদান কৰিব বুলি সদৰি কৰিছে ছিংগাপুৰৰ উপ উচ্চায়ুক্তগৰাকীয়ে। আদালতত যেতিয়া এই প্ৰতিবেদন দাখিল কৰিব, তেতিয়া সকলোৰে বাবে ছিংগাপুৰে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিব বুলিও ছিংগাপুৰৰ উপ উচ্চায়ুক্তগৰাকীয়ে জনাইছে বুলি কয় মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

অসমৰ মুখ্যমন্ত্ৰীয়েও ছিংগাপুৰত চলি থকা তদন্তৰ সবিশেষ অসম চৰকাৰক জনাবলৈ অনুৰোধ জনায় ছিংগাপুৰৰ উপ উচ্চায়ুক্তগৰাকীক। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, ছিংগাপুৰে পেছাদাৰীভাৱে তদন্ত কৰি আছে। তেওঁলোকৰ আইনী প্ৰক্ৰিয়া খুবেই কঠোৰ। সেই কথা সকলোৱে জানে। গতিকে আমি এতিয়া তেওঁলোকৰ বাবে অপেক্ষা কৰিব লাগিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande