গুৱাহাটী, ১৫ অক্টোবৰ (হি.স.)। সোণাপুৰৰ মিনি ষ্টেডিয়ামত কেইবা শতাধিক পুৰুষ-মহিলাই সমস্বৰে গালে জুবিনৰ মায়াবানী শীৰ্ষক এক বিশেষ প্ৰাৰ্থনা। জুবিন গাৰ্গৰ বন্ধু তথা বিশিষ্ট সংগীতশিল্পী দিগন্ত ভাৰতীও অংশগ্ৰহণ কৰিলে উক্ত অনুষ্ঠানত। প্ৰিয়বন্ধুৰ সান্নিধ্যৰ কথা সুঁৱৰি আবেগিক হৈ পৰিল দিগন্ত ভাৰতী। প্ৰিয়বন্ধুৰ স্মৃতিত নাহৰৰ পুলিও ৰোপণ কৰে বিশিষ্ট সংগীত শিল্পী গৰাকীয়ে।
সোণাপুৰ মিনি ষ্টেডিয়ামত অসম গণ পৰিষদৰ ডিমৰীয়া বিধান পৰিষদৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
পুৱাই সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে আৰম্ভ হোৱা উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ডিমৰীয়াৰ বিভিন্ন প্ৰান্তৰ শতাধিক আয়তী নামতীৰ দলে নাম প্ৰসংগৰে প্ৰিয় শিল্পী গৰাকীৰ আত্মাৰ চিৰ শান্তি কামনা কৰে।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ডিমৰীয়াৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকি প্ৰিয় শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰিও শিল্পী দিগন্ত ভাৰতীয়েও উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে এফাকি গীতেৰে শিল্পী জুবিন গাৰ্গৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে তেওঁৰ ন্যায়ৰ দাবী প্ৰসংগ উত্থাপন কৰে।
হিন্দুস্থান সমাচাৰ / Narayan Kar