গুৱাহাটী, ১৫ অক্টোবৰ (হি.স.)। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষিপ্ৰ তদন্ত তথা ন্যায় বিচাৰি অচিৰেই গুৱাহাটীলৈ আহিব কংগ্ৰেছৰ পূৰ্বৰ সভাপতি তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ বাবে কংগ্ৰেছৰ ন্যায় যাত্ৰাত অংশ ল'ব ৰাহুল গান্ধীয়ে।
প্ৰাপ্ত তথ্যমতে, অহা ১৭ অক্টোবৰত গুৱাহাটীলৈ আহিব ৰাহুল গান্ধী। সেই দিনা অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আয়োজন কৰিছে এক ন্যায় যাত্ৰা। ৰাজ্যৰ ভিন্ন প্ৰান্তত কংগ্ৰেছে আগন্তুক সময়ত আৰম্ভ কৰিব এই ন্যায় যাত্ৰা।
উল্লেখ্য় যে অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্য়জনক মৃত্য়ু হয়। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোক সমদল, মমবাতি সমদল ইত্যাদি।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া