ইছলামাবাদ, ১৫ অক্টোবৰ (হি.স.)। পাকিস্তান আৰু আফগানিস্তানে ৪৮ ঘণ্টীয়া অস্থায়ী যুদ্ধবিৰতিৰ ওপৰত সহমতত উপনীত হৈছে । পাকিস্তান চৰকাৰে এয়া ঘোষণা কৰে। অৱশ্যে এই চুক্তি সন্দৰ্ভত আফগানিস্তানৰ পৰা কোনো আনুষ্ঠানিক সঁহাৰি পোৱা নাই।
পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দুয়োখন দেশৰ মাজত শেহতীয়াকৈ সীমান্তৰ উত্তেজনা হ্ৰাস কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। এই যুদ্ধবিৰতি তৎক্ষণাত কাৰ্যকৰী হ’ব, আৰু দুয়োপক্ষৰ সেনাই ৪৮ ঘণ্টা ধৰি কোনো ধৰণৰ সামৰিক কাৰ্য্যৰ পৰা বিৰত থাকিব। এই সময়ছোৱাত দুয়োখন দেশৰ বিষয়াসকলে স্থায়ী সমাধানৰ দিশত অগ্ৰগতি লাভৰ বাবে আলোচনা অব্যাহত ৰাখিব।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পাকিস্তান আৰু আফগানিস্তানে বুধবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া ৬ বজাৰ পৰা ৪৮ ঘণ্টাৰ বাবে অস্থায়ী যুদ্ধবিৰতিৰ ওপৰত সহমতত উপনীত হৈছে। পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে উল্লেখ কৰিছে যে এই সময়ছোৱাত দুয়োপক্ষই গঠনমূলক আলোচনাৰ জৰিয়তে এই জটিল কিন্তু সমাধানযোগ্য সমস্যাটোৰ ইতিবাচক সমাধানৰ বাবে গুৰুত্বসহকাৰে চেষ্টা কৰিব।
ইয়াৰ পূৰ্বে আফগান তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে এক্স পোষ্টত পাকিস্তানী সেনাই আফগানিস্তানত লঘু আৰু গধুৰ অস্ত্ৰৰে সীমান্ত যুদ্ধ আৰম্ভ কৰাৰ অভিযোগ উত্থাপন কৰিছিল, য’ত ১২ জন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছিল আৰু ১০০ জনতকৈ অধিক লোক আহত হৈছিল।ইফালে পাকিস্তানে আফগান তালিবানে নিজৰ দাবীত যথেষ্ট লোকচান কৰাৰ অভিযোগ উত্থাপন কৰিছিল।
পাকিস্তানৰ আন্তঃসেৱা জনসংযোগ সংস্থাই প্ৰকাশ কৰা অনুসৰি আজি স্পিন বোল্ডাকত আফগান তালিবান যোদ্ধাই চাৰিটা ভিন্ন স্থানত আক্ৰমণ কৰে। পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে ফলপ্ৰসূ আৰু জোৰদাৰভাৱে প্ৰতিশোধ গ্ৰহণ কৰি ১৫ৰ পৰা ২০জন তালিবান যোদ্ধা নিহত কৰাৰ লগতে কেইবাজনো আহত হয়। আই এছ পি আৰৰ তথ্য অনুসৰি ১৪-১৫ অক্টোবৰৰ নিশা কুৰৰামত থকা আফগান যোদ্ধাসকলে পাকিস্তানৰ সীমান্ত চকীসমূহ দখল কৰাৰ চেষ্টা কৰিছিল যদিও তেওঁলোকক প্ৰতিহত কৰা হৈছিল। প্ৰতিশোধমূলক কাৰ্য্যই শত্ৰুৰ স্থানত যথেষ্ট ক্ষতিসাধন কৰে। ইফালে আফগান তালিবানে ড্ৰ’ন আক্ৰমণত পাকিস্তানৰ স্থান ধ্বংস হোৱা ফুটেজ প্ৰকাশ কৰে। মন কৰিবলগীয়া যে ১১ আৰু ১২ অক্টোবৰৰ নিশা দুয়োখন দেশৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল, যেতিয়া কাবুলে সেই সপ্তাহত আফগানিস্তানত ইছলামাবাদৰ বিৰুদ্ধে বিমান আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল।
हिन्दुस्थान समाचार