কোকৰাঝাৰ, ১৫ অক্টোবৰ (হি.স.)। অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ আৰু অভিলাসী আঁচনি শুশ্ৰূষা সেতুৰ অধীনত সমগ্র ৰাজ্যজুৰি বিধানসভা সমষ্টি ভিত্তিত আয়োজিত হৈ থকা মেগা স্বাস্থ্য শিবিৰৰ অংশস্বৰূপে আজি ইংৰাজী ১৫ অক্টোবৰ তাৰিখে কোকৰাঝাৰ জিলাত এই শিবিৰ আৰম্ভ কৰা হৈছে। ৰাজ্য ব্যাপী চলি থকা স্বাস্থ্য অভিযানটোৰ মূল লক্ষ্য হ’ল গাঁওত স্বাস্থ্য সেৱা অধিক শক্তিশালী কৰি নাগৰিক সকললৈ বিনামূলীয়া আৰু গুণগত চিকিৎসা সেৱা প্ৰদান কৰা।
কোকৰাঝাৰ জিলাত এই মেগা স্বাস্থ্য শিবিৰ সমূহ জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিত - গোসাইগাঁও, পৰ্বতঝোৰা, কোকৰাঝাৰ (জনজাতি), দোতমা (জনজাতি) আৰু বাওঁখুগ্ৰীত অক্টোবৰ মাহজুৰি আয়োজন কৰা হব। প্ৰথম শিবিৰটো আজি গোসাইগাঁও বিধানসভা সমষ্টিৰ সৰাইবিল আদৰ্শ চিকিৎসালয়ত অনুষ্ঠিত হয়।
আজিৰ স্বাস্থ্য শিবিৰত মুঠ ২,১০২জন উপভোক্তাই চিকিৎসা সেৱা লাভ কৰে। শিবিৰত ৫৬টা এক্স-ৰে, ৬৩টা ইমেজিং পৰীক্ষা, ৩৯টা আল্ট্ৰাছাউণ্ড আৰু ১,৯৪৭টা লেব পৰীক্ষা সম্পন্ন হয় ফলত মুঠ ৩,৪৮৩টা নিৰ্ণায়ক পৰীক্ষা সম্পন্ন কৰা হয়। লগতে ৮৫জন ৰোগীক উন্নত চিকিৎসাৰ বাবে উচ্চতৰ স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰিত কৰা হয়।
“শুশ্ৰুষা সেতু” উদ্যোগৰ অধীনত ৫০ৰো অধিক ৰোগৰ বিনামূলীয়া পৰীক্ষা প্ৰদান কৰা হব, বিশেষকৈ ১৮ বছৰ বয়সৰ তলৰ শিশু আৰু কিশোৰ-কিশোৰীক শিবিৰসমূহত বিনামূলীয়া পৰামৰ্শ, চিকিৎসা, ফ’ল-আপ সেৱা আৰু বিশেষজ্ঞ চিকিৎসালয়লৈ ৰেফাৰেল সেৱা উপলব্ধ কৰা হৈছে যাতে কোনো শিশু স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত নহয়।
জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগে সকলো বিভাগ আৰু সাধাৰন জনতাৰ সক্ৰিয় অংশগ্ৰহণ আৰু সহায়-সহযোগিতাৰ আহ্বান জনাইছে যাতে এই মহান উদ্যম সফল হয়। কোকৰাঝাৰ জিলাত আগন্তুক শিবিৰসমূহ যথাক্ৰমে অক্টোবৰ ১৭ তাৰিখে পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ টিপকাই আদৰ্শ চিকিৎসালয়ত, অক্টোবৰ ২৪ তাৰিখে কোকৰাঝাৰ (জনজাতি) বিধানসভা সমষ্টিৰ অধীনত কাৰিগাঁও আদৰ্শ চিকিৎসালয়ত, অক্টোবৰ ২৯ তাৰিখে দোতমা (জনজাতি) বিধানসভা সমষ্টিৰ অধীনত সেৰফাংগুৰি আদৰ্শ চিকিৎসালয়ত আৰু অক্টোবৰ ৩১ তাৰিখে বাওঁখুগ্ৰী বিধানসভা সমষ্টিৰ অধীনত ফকিৰাগ্ৰাম আদৰ্শ চিকিৎসালয়ত আয়োজন কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ