গুৱাহাটী, ১৫ অক্টোবৰ (হি.স.)। সদ্য প্ৰয়াত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ছবি 'ৰৈ ৰৈ বিনালে'ৰ দ্বিতীয়টো গীত সপোন সপোন যেন মুক্তি লাভ কৰিলে। জুবিনৰ কণ্ঠত গীতটি শুনি আকৌ এবাৰ আবেগিক হৈ পৰিল অনুৰাগীসকল।
এই সুমধুৰ গীতটিৰ কথা জুবিন গাৰ্গৰ। জুবিনৰ সৈতে গীতটিত কণ্ঠদান কৰিছে মৰমী শৰ্মাই। গীতটিৰ সংগীত অনুপম কোঁৱৰৰ। শ্ৰীলংকাৰ মনোমোহা লোকেচনত দৃশ্যগ্ৰহণ কৰা গীতটিৰ কৰিঅ'গ্ৰাফী কৰিছে শচীন বৰুৱাই। গীতটিয়ে মুক্তি লাভ কৰাৰ লগে লগে আদৰি লৈছে শ্ৰোতাই। ১ ঘণ্টাতে অতিক্ৰম কৰিছে প্ৰায় ১ লাখ ভিউজ।
উল্লেখযোগ্য যে, জুবিন গাৰ্গে বিচৰাৰ ধৰণেৰেই 'ৰৈ ৰৈ বিনালে' ছবিখনে মুক্তি লাভ কৰিব ৩১ অক্টোবৰত। ইতিমধ্যে ছবিখনৰ অন্তিম কিছু কাম চলি আছে। ছবিখনক লৈ হেঁপাহেৰে বাট চাইছে প্ৰতিজন জুবিন অনুৰাগীয়ে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া