-উপৰ চাৰ্কিট থকাৰ পিছতো বিনিয়োগকাৰীৰ ১৬% লোকচান
নতুন দিল্লী, ০৯ জানুৱাৰী (হি.স.)। ৰেডিমেড গাৰ্মেণ্ট মেনুফেকচাৰিং কোম্পানী ডেভিন সন্স লিমিটেডৰ শ্বেয়াৰৰ তালিকাভুক্তকৰণে আজি কোম্পানীটোৰ আই পি অ’ বিনিয়োগকাৰীক হতাশ কৰি তুলিছে। আই পি অ’ৰ অধীনত কোম্পানীটোৰ শ্বেয়াৰ ৫৫ টকাত জাৰি কৰা হৈছিল যদিও আজি বি এছ ইৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগত ২০ শতাংশ ৰেহাইত ৪৪ টকাত তালিকাভুক্ত কৰা হৈছে। এইদৰে শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰাৰ লগে লগে আই পি অ’ বিনিয়োগকাৰীসকলে ১১ টকা অৰ্থাৎ ২০ শতাংশ তালিকাভুক্ত লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু তালিকাভুক্ত হোৱাৰ পিছত ক্ৰয় সমৰ্থনৰ বাবে কম সময়ৰ ভিতৰতে ষ্টকটোৱে ৪৬.২০ টকাৰ উচ্চ চাৰ্কিট স্তৰত উপনীত হয়। ইয়াৰ পিছতো ডিছকাউণ্ট লিষ্টিঙৰ বাবে আই পি অ’ বিনিয়োগকাৰীয়ে প্ৰথম দিনাই ১৬.৩৬ শতাংশ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল।
ডেভিন সন্স লিমিটেডৰ ৮.৭৮ কোটি টকাৰ আই পি অ’ ২ৰ পৰা ৬ জানুৱাৰীৰ ভিতৰত চাবস্ক্ৰিপচনৰ বাবে মুকলি আছিল। খুচুৰা বিনিয়োগকাৰীৰ তীব্ৰ সঁহাৰিৰ বাবে এই আই পি অ’টো সামগ্ৰিকভাৱে ১২০.৮ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। ইয়াত খুচুৰা বিনিয়োগকাৰীৰ বাবে সংৰক্ষিত অংশই ১৬৪.৭৮ গুণ চাবস্ক্ৰিপচন লাভ কৰে। আই পি অ’ৰ অধীনত কোম্পানীটোৱে ১৫.৯৬ লাখ শ্বেয়াৰ জাৰি কৰিছে যাৰ মুদ্ৰা মূল্য ১০ টকা। আই পি অ’ৰ জৰিয়তে সংগ্ৰহ কৰা ধন কোম্পানীটোৱে মূলধনী ব্যয়, গুদাম ক্ৰয়, কাৰ্য্যকৰী মূলধনৰ প্ৰয়োজনীয়তা আৰু সাধাৰণ কৰ্পৰেট উদ্দেশ্যত ব্যৱহাৰ কৰিব।
ডেভিন সন্সে বিখ্যাত ব্ৰেণ্ডৰ বাবে উচ্চমানৰ জিন্স, চাৰ্ট আৰু ডেনিম জেকেটৰ দৰে ৰেডিমেড কাপোৰ প্ৰস্তুত কৰে। ২০২২-২৩ চনত কোম্পানীটোৰ নিকা লাভৰ পৰিমাণ আছিল ৫৬.৬২ লাখ টকা, যিটো ২০২৩-২৪ চনত ১.৬৪ কোটি টকালৈ বৃদ্ধি পাইছিল। এই সময়ছোৱাত কোম্পানীটোৰ ৰাজহ ২৪২ শতাংশ চক্রবৃদ্ধিৰ হাৰত বৃদ্ধি পাই ১৩.৩৯ কোটি টকা হয়৷ চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ৰ প্ৰথমাৰ্ধত অৰ্থাৎ ২০২৪ চনৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে কোম্পানীটোৱে ৭৩.৫৯ লাখ টকাৰ নিকা লাভৰ বিপৰীতে মুঠ ৬.৩৪ কোটি টকা ৰাজহ লাভ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া