নতুন দিল্লী, ০৯ জানুৱাৰী (হি.স.)। এছিয়াৰ সৰ্ববৃহৎ অস্ত্ৰ প্ৰদৰ্শনী ‘এৰো ইণ্ডিয়া’ৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে নতুন দিল্লীত ৰাষ্ট্ৰদূতসকলৰ সৈতে এক ঘূৰণীয়া মেজমেলৰ অধ্যক্ষতা কৰিব। এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ১৫০খনতকৈও অধিক বন্ধুত্বপূৰ্ণ দেশৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তসকললৈ আমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হৈছে। বৈঠকত তেওঁক এৰো ইণ্ডিয়াৰ ডাঙৰ ডাঙৰ কাৰ্যসূচীসমূহৰ বিষয়ে অৱগত কৰা হ’ব । সংশ্লিষ্ট দেশসমূহৰ জ্যেষ্ঠ নেতৃত্বক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ব্যক্তিগতভাৱে আমন্ত্ৰণ জনাব।
কৰ্ণাটকৰ বেংগালুৰুৰ এয়াৰ ফৰ্চ ষ্টেচন, য়েলাহাংকাত ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ এছিয়াৰ সৰ্ববৃহৎ এৰো শ্ব’ এৰো ইণ্ডিয়াৰ পঞ্চদশ সংস্কৰণ অনুষ্ঠিত হ’ব। পাঁচ দিনীয়া এই অনুষ্ঠানত প্ৰিভিউ ইভেণ্ট, উদ্বোধনী অনুষ্ঠান, প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সন্মিলন, চিইঅ’ ৰাউণ্ড-টেবুল, আইডেক্স ষ্টাৰ্ট-আপ ইভেণ্ট, দৰ্শনীয় আকাশী প্ৰদৰ্শন, ইণ্ডিয়া পেভিলিয়নেৰে গঠিত বৃহৎ প্ৰদৰ্শনী এলেকা আৰু বিমান কোম্পানীসমূহৰ বাণিজ্য মেলা অনুষ্ঠিত হ’ব। এইবাৰৰ বিষয়বস্তু হৈছে ‘এ ৰাণৱে টু এ বিলিয়ন অপৰ্চুনিটি’ যিয়ে বিদেশী আৰু ভাৰতীয় প্ৰতিষ্ঠানৰ মাজত অংশীদাৰিত্ব গঢ়ি তোলা আৰু খিলঞ্জীয়াকৰণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ নতুন পথ অন্বেষণ কৰাত গুৰুত্ব আৰোপ কৰিব।
এৰো ইণ্ডিয়াই বিশ্বৰ আগশাৰীৰ উদ্যোগসমূহৰ এৰ’নটিক্স আৰু প্ৰতিৰক্ষা খণ্ডৰ বৃহৎ সংখ্যক প্ৰদৰ্শকক অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰী, প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী, প্ৰতিৰক্ষা মুৰব্বী আৰু সচিব পৰ্যায়ত কেইবাখনো দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব। বন্ধুত্বপূৰ্ণ দেশসমূহৰ সৈতে প্ৰতিৰক্ষা আৰু মহাকাশ সম্পৰ্ক শক্তিশালী কৰাত গুৰুত্ব দিয়া হ’ব, অংশীদাৰিত্বক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ নতুন পথ অন্বেষণ কৰা হ’ব। চিইঅ’ গোল মেজমেল বৈঠকে বিদেশী অৰিজিনেল ইকুইপমেণ্ট নিৰ্মাতাসকলক ভাৰতত নিৰ্মাণৰ বাবে এক অনুকূল মঞ্চ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। এই অনুষ্ঠানত গ্লোবেল চিইঅ’, ঘৰুৱা পিএছইউৰ চিএমডি আৰু ভাৰতৰ আগশাৰীৰ ব্যক্তিগত প্ৰতিৰক্ষা আৰু মহাকাশ উৎপাদনকাৰী কোম্পানীসমূহৰ চিএমডিসকলে অংশগ্ৰহণ কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া