‘ইমাৰ্জেন্সি’ৰ দ্বিতীয়টো ট্ৰেইলাৰ মুকলি, ১৭ জানুৱাৰীত ছবিগৃহত মুক্তি  
কংগনা ৰানাৱতৰ ছবি ‘ইমাৰ্জেন্সি’ৰ দ্বিতীয়টো ট্ৰেইলাৰ ২ মুক্তি লাভ কৰিছে। এই ছবিখন বহু কাৰণত বিশেষ। প্ৰথমতে কংগনাই নিজেই পৰিচালনা আৰু ৰচনা কৰিছে, যিয়ে তেওঁৰ বহুমাত্ৰিক প্ৰতিভাৰ পৰিচয় দিয়ে। দ্বিতীয়তে, ১৯৭৫-৭৭ চনৰ জৰুৰীকালীন সময়ছোৱাক চিত্ৰিত কৰা ছব
इमरजेंसी


কংগনা ৰানাৱতৰ ছবি ‘ইমাৰ্জেন্সি’ৰ দ্বিতীয়টো ট্ৰেইলাৰ ২ মুক্তি লাভ কৰিছে। এই ছবিখন বহু কাৰণত বিশেষ। প্ৰথমতে কংগনাই নিজেই পৰিচালনা আৰু ৰচনা কৰিছে, যিয়ে তেওঁৰ বহুমাত্ৰিক প্ৰতিভাৰ পৰিচয় দিয়ে। দ্বিতীয়তে, ১৯৭৫-৭৭ চনৰ জৰুৰীকালীন সময়ছোৱাক চিত্ৰিত কৰা ছবিখনৰ ঐতিহাসিক প্ৰসংগ।

‘ইমাৰ্জেন্সি’ৰ ট্ৰেইলাৰটো সঁচাকৈয়ে আকৰ্ষণীয় আৰু আৱেগিক, যিয়ে সেই সময়ৰ বিশৃংখলতা আৰু সংঘাতক স্পষ্টভাৱে দেখুৱাইছে। ১৯৭৫ চনৰ ২৫ জুনত জৰুৰীকালীন ঘোষণাৰ পিছত দেশৰ পৰিস্থিতি, ৰাইজৰ ক্ষোভ, ৰাজপথত প্ৰতিবাদ আৰু চৰকাৰৰ দমনমূলক মনোভাৱৰ বিষয়ে ট্ৰেইলাৰত ভালদৰে উপস্থাপন কৰা হৈছে। জেলত অনুপম খেৰৰ আভাসে দৰ্শকক অধিক কৌতুহলী কৰি তোলে, কিয়নো ছবিখনত তেওঁৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ যেন লাগে। ইয়াৰ বাহিৰেও ইন্দিৰা গান্ধীৰ ভূমিকা পালনত কংগনাই যি ধৰণে নিমজ্জিত কৰিছে সেয়া প্ৰশংসনীয়। তেওঁৰ বক্তৃতা শৈলী, মুখ আৰু আত্মবিশ্বাসে দৰ্শকক আপ্লুত কৰিছে। এই ট্ৰেইলাৰটোৱে ছবিখনৰ প্ৰতি দৰ্শকৰ আশা আৰু অধিক বৃদ্ধি কৰিছে।

অভিনেত্ৰী কংগনাৰ বাহিৰেও আন আন মহান অভিনেতা ‘ইমাৰ্জেন্সি’ ছবিখনত দেখা যাব। অনুপম খেৰ, শ্ৰেয়াছ তালপাদে এই ছবিখনত মুখ্য চৰিত্ৰত দেখা যাব। ইয়াৰ উপৰিও মহিমা চৌধুৰী, মিলিন্দ সোমন, বিশক নাইৰ আৰু প্ৰয়াত অভিনেতা সতীশ কৌশিককো দেখা যাব। ‘ইমাৰ্জেন্সি’ ছবিখনৰ মুক্তিৰ যাত্ৰা যথেষ্ট প্ৰত্যাহ্বানজনক হৈ পৰিছে। ছবিখনে বহু বিতৰ্কৰ সন্মুখীন হৈছিল। চেন্সৰ ব’ৰ্ডৰ প্ৰমাণ পত্ৰ নিষিদ্ধ কৰাৰ পৰা আদালতলৈকে বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। অৱশেষত এতিয়া ছবিখন ২০২৫ চনৰ ১৭ জানুৱাৰীত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande