ইউক্ৰেইনৰ সৈন্যৰ খেৰচন অঞ্চলৰ এখন গাঁৱত দুটা ৰকেট নিক্ষেপ, আহত ২১ জন
গেনিচেস্ক, ২১ জানুৱাৰী (হি.স.)। ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে সোমবাৰে খেৰচন অঞ্চলৰ বেখটেৰী গাঁৱত হিমাৰছ মাল্টিপল লঞ্চ চিষ্টেমৰ পৰা দুটা ৰকেট নিক্ষেপ কৰে। এই আক্ৰমণত ২১ জন লোক আহত হৈছে। গৱৰ্ণৰৰ প্ৰেছ সচিব ভ’ল’ডিমাইৰ ভাচিলেংকোৱে এই কথা নিশ্চিত কৰিছে। ভা
ৰকেট নিক্ষেপ


গেনিচেস্ক, ২১ জানুৱাৰী (হি.স.)। ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে সোমবাৰে খেৰচন অঞ্চলৰ বেখটেৰী গাঁৱত হিমাৰছ মাল্টিপল লঞ্চ চিষ্টেমৰ পৰা দুটা ৰকেট নিক্ষেপ কৰে। এই আক্ৰমণত ২১ জন লোক আহত হৈছে। গৱৰ্ণৰৰ প্ৰেছ সচিব ভ’ল’ডিমাইৰ ভাচিলেংকোৱে এই কথা নিশ্চিত কৰিছে।

ভাচিলেংকোৱে কয় যে এই আক্ৰমণত স্থানীয় বিদ্যালয় চৌহদক লক্ষ্য কৰি লোৱা হয়, য’ত তিনিটা শিশুকে ধৰি ২১ জন লোক আহত হয়। আক্ৰমণৰ লগে লগে সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। স্থানীয় প্ৰশাসনে থিতাতে এম্বুলেন্স আৰু চিকিৎসা দল মোতায়েন কৰি আহত লোকসকলক ওচৰৰ চিকিৎসালয়লৈ স্থানান্তৰিত কৰে।

সচিব ভাচিলেংকোৱে কয় যে –“এই আক্ৰমণ নিৰীহ সাধাৰণ নাগৰিকৰ বিৰুদ্ধে সংঘটিত হৈছে আৰু ই আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন উলংঘা কৰা হৈছে। আক্ৰমণৰ পিছত অঞ্চলটোত নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে আৰু ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande