ধুবুৰী, ২১ জানুৱাৰী (হি.স.): নকল সোণৰ বিৰুদ্ধে গোলোকগঞ্জ আৰক্ষীৰ অভিযান অব্য়াহত আছে। শেহতীয়া অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ নকল সোণ। লগতে এই ঘটনাৰ সৈতে জড়িত এজন সৰবৰাহকাৰীক আটক কৰা হৈছে।
প্ৰাপ্ত তথ্য মতে সোমবাৰে নিশা প্ৰায় ৯ মান বজাত এক গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মীয়মান ফ্লাইঅভাৰত তলত চলাইছিল অভিযান। অভিযানত ধুবুৰীৰ পৰা কোচবিহাৰ অভিমুখী যাত্ৰীবাহী বাছ গাড়ীৰ পৰা নিজাম উদ্দিন ফকিৰ নামৰ এজন ব্যক্তিক আটক কৰি তালাচী চলায়। তালাচীৰ সময়ত ব্যক্তি জনৰ পৰা ৭০০ গ্ৰাম নকল সোণ উদ্ধাৰ কৰাৰ লগতে ১৭ হাজাৰ ৭০ টকা নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে গৌৰীপুৰৰ পৰা নকল সোণ খিনি কলকাতা লৈ গৈ আছিল। ধৃত নিজাম উদ্দিন ফকিৰৰ ঘৰ গৌৰীপুৰৰ ডাংগীৰ চৰত বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ