কৰাচী, ২১ জানুৱাৰী (হি.স.)। কৰাচী বিশ্ববিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন ড্ৰেছ কোড ৰূপায়ণ কৰিছে। বিশ্ববিদ্যালয়ৰ গাইডলাইনত কোৱা হৈছে যে কেম্পাছত সন্মানজনক আৰু ভদ্ৰ উপস্থিতি বজাই ৰখাৰ গুৰুত্ব মনত ৰাখিব লাগে। কৰাচী বিশ্ববিদ্যালয় পাকিস্তানৰ অন্যতম বৃহৎ বিশ্ববিদ্যালয়। ইয়াত ৪৫ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে ইয়াত অধ্যায়ণ কৰে।
জিঅ’ নিউজৰ মতে, ১৪ জানুৱাৰীত বিশ্ববিদ্যালয়ৰ বিষয়া ডাঃ নোছিন ৰাজাই ছাত্ৰ-ছাত্ৰীৰ ড্ৰেছ কোড সন্দৰ্ভত এই জাননী জাৰি কৰিছিল । ইয়াত ছাত্ৰ-ছাত্ৰীসকলক মান্য কাপোৰ পিন্ধিবলৈ সকীয়াই দিয়া হৈছে। এনে কাপোৰ পিন্ধাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে যিবোৰ দেখাৰ সময়ত মনোযোগ বিচলিত কৰিব পাৰে। উদাহৰণস্বৰূপে, ছাত্ৰ-ছাত্ৰীসকলে স্বচ্ছ, চুটি, হাতৰ আঁচল নথকা বা টাইট ফিটিং কাপোৰ পৰিধান কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ড০ নোছিন ৰাজাই কয় যে বিশ্ববিদ্যালয়খনত নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছে। এই অধিসূচনা জাৰি কৰা হৈছে নতুন শিক্ষাৰ্থীসকলক বিশ্ববিদ্যালয়ৰ সাজ-পোছাক সম্পৰ্কে সজাগ কৰাৰ বাবে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া