ভাৰতৰ নবীকৰণযোগ্য শক্তি খণ্ড এক আগশাৰীৰ বৈশ্বিক শক্তিঃ প্ৰহ্লাদ যোশী
জয়পুৰ/নতুন দিল্লী, ২১ জানুৱাৰী (হি.স.)। কেন্দ্ৰীয় নৱ আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে মঙলবাৰে কয় যে ভাৰতৰ নবীকৰণযোগ্য শক্তি খণ্ড এক আগশাৰীৰ বিশ্ব শক্তি। ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাটৰ লক্ষ্যত উপনীত হ’বলৈ আৰু অতিক্ৰম কৰিবলৈ ই সৱল অৱস্থাত
প্ৰহ্লাদ যোশী


জয়পুৰ/নতুন দিল্লী, ২১ জানুৱাৰী (হি.স.)। কেন্দ্ৰীয় নৱ আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে মঙলবাৰে কয় যে ভাৰতৰ নবীকৰণযোগ্য শক্তি খণ্ড এক আগশাৰীৰ বিশ্ব শক্তি। ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাটৰ লক্ষ্যত উপনীত হ’বলৈ আৰু অতিক্ৰম কৰিবলৈ ই সৱল অৱস্থাত আছে।

আজি জয়পুৰত নবীকৰণযোগ্য শক্তি সম্পৰ্কীয় আঞ্চলিক পৰ্যালোচনা বৈঠকত ভাষণ দি যোশীয়ে এই মন্তব্য কৰে। তেওঁ কয় যে ২০৩২ চনৰ ভিতৰত ভাৰতৰ বিদ্যুতৰ চাহিদা দুগুণ হ’ব আৰু এনেক্ষেত্ৰত আমাৰ শক্তি মিশ্ৰণত নবীকৰণযোগ্য শক্তিয়ে অধিক উল্লেখযোগ্য ভূমিকা ল’ব লাগিব। যোশীয়ে চিওপি ২৬ (COP26)ৰ পৰা পঞ্চামৃত পদক্ষেপৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ উল্লেখ কৰি ভাৰতৰ বহনক্ষম শক্তি অৰ্থনীতিলৈ ৰূপান্তৰিত হোৱাৰ ক্ষেত্ৰত নবীকৰণযোগ্য শক্তিৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ভাৰতৰ বিশ্বৰ আগশাৰীৰ সেউজ হাইড্ৰ’জেনৰ নিবিদা আৰু শেহতীয়াকৈ নবীকৰণযোগ্য শক্তি খণ্ডত ৩২ লাখ কোটি টকাৰ বিনিয়োগে দেশৰ বহনক্ষম আৰু শক্তি সুৰক্ষিত ভৱিষ্যতৰ দীৰ্ঘম্যাদী দায়বদ্ধতাক আলোকপাত কৰিছে।

মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰৰ অনুৰোধত কেন্দ্ৰই ২০২৫ চনৰ জানুৱাৰী মাহত পি এম কুসুম যোজনাৰ অধীনত ৰাজস্থানলৈ অতিৰিক্ত ৫ হাজাৰ মেগাৱাট শক্তি আবণ্টন দিছে। তেওঁ শেহতীয়াকৈ জয়ছালমেৰত চাৰিটা সৌৰশক্তি প্ৰকল্পৰ উদ্বোধনীৰ ওপৰতো আলোকপাত কৰে, যাৰ মুঠ ক্ষমতা ১২০০ মেগাৱাট। ভাৰতৰ নবীকৰণযোগ্য শক্তি বিপ্লৱত ৰাজ্যখনৰ মূল ভূমিকাক দৃঢ় কৰি যোশীয়ে কয় যে মোডী চৰকাৰে সকলো ৰাজ্যৰ সামূহিক অগ্ৰগতিৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গান্ধীনগৰ, ভুৱনেশ্বৰ, কলকাতা, মুম্বাইকে ধৰি বিভিন্ন অঞ্চলত ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা কৰা হৈছে।

তেওঁ নবীকৰণযোগ্য শক্তি খণ্ডৰ প্ৰত্যাহ্বান আৰু আশা-আকাংক্ষাৰ সৈতে মোকাবিলা কৰিবলৈ উদ্যোগৰ অংশীদাৰসকলৰ সৈতে কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ চলি থকা যোগাযোগৰ ওপৰত আলোকপাত কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে এই খণ্ডৰ অগ্ৰগতি আৰু অধিক শক্তিশালী কৰাৰ বাবে ভৱিষ্যতে বিশাখাপট্টনম, বাৰাণসী আৰু গুৱাহাটীত বৈঠকৰ পৰিকল্পনা কৰা হৈছে।

নৱ আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই বৈঠকত জম্মু-কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ, পঞ্জাৱ, চণ্ডীগড়, হাৰিয়ানা, ৰাজস্থান, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশকে ধৰি উত্তৰ অঞ্চলৰ ৰাজ্যসমূহৰ নবীকৰণযোগ্য শক্তি খণ্ডৰ অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰা হৈছে পৰ্যালোচনা কৰা হৈছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande