ৰাষ্ট্ৰসংঘৰ নিয়মীয়া বাজেট ২০২৫ৰ বাবে ভাৰতে আগবঢ়াইছে ৩.৭৬৪ কোটি ডলাৰ
নতুন দিল্লী, ০৪ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতে ২০২৫ চনৰ বাবে ৰাষ্ট্ৰসংঘৰ নিয়মীয়া বাজেটত ৩.৭৬৪ কোটি মাৰ্কিন ডলাৰ প্ৰদান কৰিছে। ইয়াৰ লগে লগে ই ৰাষ্ট্ৰসংঘক নিয়মীয়া বাজেট সম্পূৰ্ণ আৰু সময়মতে প্ৰদান কৰা ৩৫খন সদস্য দেশৰ তালিকাত যোগদান কৰিছে। ৰাষ্ট্ৰসংঘৰ
ৰাষ্ট্ৰসংঘ


নতুন দিল্লী, ০৪ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতে ২০২৫ চনৰ বাবে ৰাষ্ট্ৰসংঘৰ নিয়মীয়া বাজেটত ৩.৭৬৪ কোটি মাৰ্কিন ডলাৰ প্ৰদান কৰিছে। ইয়াৰ লগে লগে ই ৰাষ্ট্ৰসংঘক নিয়মীয়া বাজেট সম্পূৰ্ণ আৰু সময়মতে প্ৰদান কৰা ৩৫খন সদস্য দেশৰ তালিকাত যোগদান কৰিছে।

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছৰ মুখপাত্ৰ ষ্টেফান ডুজাৰিকে এক বিবৃতি প্ৰকাশ কৰি কয় যে ভাৰতে ২০২৫ চনৰ ৩১ জানুৱাৰীত ৰাষ্ট্ৰসংঘৰ নিয়মীয়া বাজেটত ৩.৭৬৪ কোটি মাৰ্কিন ডলাৰ প্ৰদান কৰিছে। ইয়াৰ ফলত ৰাষ্ট্ৰসংঘক নিজৰ নিয়মীয়া বাজেট সম্পূৰ্ণ আৰু সময়মতে পৰিশোধ কৰা ৩৫খন সদস্য ৰাষ্ট্ৰৰ তালিকাত স্থান পাইছে।

সোমবাৰে সংবাদমেলত সেই দেশসমূহৰ নাম উল্লেখ কৰি ষ্টেফান ডুজাৰিক কয় যে ৰাষ্ট্ৰসংঘৰ বাজেটত নিজৰ অৱদান সময়মতে আৰু তৎকালীনভাৱে ধন আদায় কৰা দেশসমূহৰ ভিতৰত ভাৰত ধাৰাবাহিকভাৱে আছে। ৰাষ্ট্ৰসংঘৰ অৱদান সমিতিৰ মতে, ২০২৫ চনৰ ৩১ জানুৱাৰীলৈকে ৩৫খন সদস্য ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ বিত্তীয় নিয়মত উল্লেখ কৰা ৩০ দিনৰ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নিজৰ নিয়মীয়া বাজেট মূল্যায়ন সম্পূৰ্ণৰূপে পৰিশোধ কৰিছে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাপতি ফিলিমন ইয়াঙে ২০২৫ চনৰ ৪ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ ভাৰত ভ্ৰমণ কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande