সাজিদ খানৰ স্বীকাৰোক্তি- মি টুৰ অভিযোগৰ পিছত নাপালে কাম 
বলীউডৰ এগৰাকী জনপ্ৰিয় পৰিচালক সাজিদ খান। ‘হাউছফুল’, ‘হিম্মতৱালা’, ‘হে বেবী’ আদি ছুপাৰহিট ছবি বলীউডক দিছিল। বিগ বছতো অংশ লৈছিল। ২০১৮ চনত মি টু অভিযানৰ অধীনত নাৰী শোষণৰ অভিযোগ উত্থাপন হোৱাৰ পিছত তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি হয়। এই অভিযোগৰ বাবেই সাজিদ
साजिद खान


বলীউডৰ এগৰাকী জনপ্ৰিয় পৰিচালক সাজিদ খান। ‘হাউছফুল’, ‘হিম্মতৱালা’, ‘হে বেবী’ আদি ছুপাৰহিট ছবি বলীউডক দিছিল। বিগ বছতো অংশ লৈছিল। ২০১৮ চনত মি টু অভিযানৰ অধীনত নাৰী শোষণৰ অভিযোগ উত্থাপন হোৱাৰ পিছত তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি হয়। এই অভিযোগৰ বাবেই সাজিদে কাম পোৱা বন্ধ হৈ পৰে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁ এই সন্দৰ্ভত মন্তব্য কৰে।

এক সাক্ষাৎকাৰত সাজিদ খানে প্ৰকাশ কৰে যে ডিপ্ৰেছনৰ বাবে তেওঁ আনকি কেইবাবাৰো আত্মহত্যাৰ কথাও ভাবিছিল। এই সাক্ষাৎকাৰত তেওঁ জীৱনৰ আটাইতকৈ কঠিন পৰ্যায় আৰু যোৱা ছবছৰৰ বিষয়ে কয়। তেওঁ কয়, যোৱা ছবছৰত মোৰ বহুবাৰ আত্মহত্যাৰ চিন্তা আহিছে। ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন পৰিচালক সন্থাৰ অনুমোদন পোৱাৰ পিছতো মোক কাম দিয়া হোৱা নাই। মই নিজৰ পক্ষত থিয় দিবলৈ চেষ্টা কৰিছো। পুনৰ নিজৰ ভৰিৰ ওপৰত থিয় হ’বলৈ চেষ্টা কৰিছোঁ।

সাজিদে কয়, কোনো উপাৰ্জনৰ বাবে মই মোৰ ঘৰটো বিক্ৰী কৰিবলগীয়া হ'ল। মই ভাড়াতীয়া ফ্লেটত বাস কৰি আছো। মই ১৪ বছৰ বয়সৰ পৰাই কাম কৰি আছো। মোৰ দেউতাৰ মৃত্যু হৈছে আৰু মই আৰু ভনী ফাৰাহ খান ঋণত ডুব গৈছো।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande